ধেমাজি, ৯ এপ্ৰিল :আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ ৰাজনৈতিক দলসমূহে প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছে । শাসকীয় দল বেজেপিৰ সমান্তৰালভাৱে দেশৰ বিৰোধী দলসমূহেও নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে । শেহতীয়াভাৱে কংগ্ৰেছেও ২০২৩ বৰ্ষৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে দলক সাজু কৰাৰ কাম আৰম্ভ কৰিছে (Lok Sabha election 2023) । ইতিমধ্যে অসমতো কংগ্ৰেছৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । তাৰেই অংশ হিচাবে ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত শনিবাৰে আবেলি ধেমাজিৰ লিলি চিনেমা হলৰ প্ৰাংগণত জয় ভাৰত সত্যাগ্ৰহৰ অংশ হিচাবে পথ সভা অনুষ্ঠিত কৰে (congress street meeting at Dhemaji) ৷
ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে কয় যে দেশৰ স্বাধীনতা আন্দোলনৰ দীঘলীয়া সময়ছোৱাত অসমৰ বহু স্বাধীনতা সেনানীয়ে আত্মবলিদান দিছিল । কিন্তু সেই সময়ত আৰএছএছৰ ভাবধাৰা থকা বিজেপি নেতাসকলে সক্ৰিয় অংশগ্ৰহণ কৰা নাছিল (Pawan Singh Ghatowar alleged against RSS) । প্ৰসংগক্ৰমে তওঁ বিজেপি চৰকাৰে গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই অনা বুলিও উল্লেখ কৰে ।