অসম

assam

ETV Bharat / state

এবছৰে মূৰব্বীবিহীনভাৱে চলিছে ধেমাজিৰ জিলা গ্ৰন্থাগাৰ কাৰ্যালয় - ধেমাজি

দিছপুৰৰ চকীত বহিয়েই চলাইছে ধেমাজিৰ জিলা গ্ৰন্থাগাৰ কাৰ্যালয়ৰ কাম-কাজ ৷ লগতে ভিন্ন সমস্যাৰে জৰ্জৰিত জিলা গ্ৰন্থাগাৰটো ৷

এবছৰে মুৰব্বীবিহীনভাৱে চলিছে ধেমাজিৰ জিলা গ্ৰন্থাগাৰ কাৰ্যালয়

By

Published : Jul 26, 2019, 12:28 PM IST

ধেমাজি , 26, জুলাই : দিছপুৰৰ পৰাই চলিছে ধেমাজি জিলা গ্ৰন্থাগাৰৰ কাম-কাজ ৷ অসম্ভৱ যেন লাগিলেও কাৰ্যত সেয়াই সম্ভৱ ৷ এবছৰে মূৰব্বীবিহীন ভাৱে চলি থকা ধেমাজি জিলা গ্ৰন্থাগাৰৰ কাম-কাজ দিছপুৰৰ চকীত বহিয়েই চলাইছে এগৰাকী বিষয়াই । ধেমাজি জিলা গ্ৰন্থাগাৰিক বিষয়া ৰুমী গোস্বামীয়ে দিছপুৰৰ পৰাই চম্ভালে কাম-কাজ । এই সন্দৰ্ভত কাৰ্যালয়টোত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে জনাই যে - বৰ্তমান তিনিগৰাকী মহিলা কৰ্মচাৰীয়ে চলায় আছে কাৰ্যালয়টোৰ কাম-কাজ । মুখ্য কাৰ্যালয়লৈ বদলি হৈ যোৱা এবছৰ হোৱা গ্ৰন্থাগাৰিকাগৰাকীয়ে কেতিয়াবা কেতিয়াবা আহে ধেমাজিৰ কাৰ্যালয়লৈ ।

এবছৰে মুৰব্বীবিহীনভাৱে চলিছে ধেমাজিৰ জিলা গ্ৰন্থাগাৰ কাৰ্যালয়

ইপিনে কাৰ্যালয়টোত কম্পিউটাৰ অপাৰেটৰ কোঠা, চকী টেবুল থকাৰ পিছতো নাই নাই কম্পিউটাৰ অপাৰেটৰ । বিকল কম্পিউটাৰ যন্ত্ৰাংশ । ফলত সকলো কাম কৰিবলগীয়া হয় বাহিৰত ।এনেদৰেই চলিছে ধেমাজি জিলা গ্ৰন্থাগাৰৰ কাম-কাজ ৷

ABOUT THE AUTHOR

...view details