নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী: দিল্লী আৰু দিছপুৰত শাসনৰ গাদীত থকা বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, পূৰ্বৰ চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সদায় মাহীআইৰ দৃষ্টি গ্ৰহণ কৰি আহিছে । সোমবাৰে ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । ৫টাকৈ মেগা প্ৰকল্প উদ্বোধনৰ বাবে দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী ।
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন, শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, বঙাইগাঁও শোধনাগাৰৰ ইন্দ-মেক্স ইউনিট, ডিব্ৰুগড়ৰ মধুবানীত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু মাকুমৰ গেছ সংকোচন কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনৰ প্ৰাক ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে তৃতীয়বাৰৰ বাবে অসমলৈ আহিছে । জানুৱাৰী মাহত এবাৰ আৰু ফেব্ৰুৱাৰী মাহত দুবাৰ অসমত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
সোমবাৰে চিলাপথাৰৰ সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, 'মই মোৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত কৈছিলো যে, উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ ভিতৰতে উন্নয়নৰ এক নতুন ইঞ্জিন হ'বলৈ গৈ আছে আৰু এই গুৰুত্বপূৰ্ণ প্ৰকল্পবোৰ দেশবাসীৰ বাবে উৎসৰ্গিত কৰা কাৰ্যই সূচাইছে যে, মই যি কৈছিলো সেয়া বাস্তৱত কৰি দেখুৱাইছো' । লগতে তেওঁ কয় যে, অসমত পূৰ্বে শাসন কৰা চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মাহীআইৰ দৰে ব্যৱহাৰ কৰি আহিছে আৰু সকলো সম্ভাৱনা থকাৰ পিছতো পূৰ্বৰ চৰকাৰৰ এনে এলাগী ব্যৱহাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাইছিল ।
বিজেপি চৰকাৰে গ্ৰহণ কৰা কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে দেশৰ মুঠ জনসংখ্যাৰ কেৱল আধাখিনিয়েহে ৰন্ধন গেছৰ সুবিধা লাভ কৰিছিল । তেওঁৰ মতে, 'আগতে অসমত ৰন্ধন গেছৰ সুবিধা লাভ কৰিছিল মুঠ জনসংখ্যাৰ মাত্ৰ ৪০ শতাংশ লোকে । আমি প্ৰতিটো দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়াকৈ ৰন্ধন গেছৰ যোগান ধৰিছো আৰু এতিয়া অসমৰ ১০০ শতাংশ লোকেই ৰন্ধন গেছৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে' ।