ধেমাজি,11 নৱেম্বৰ : ধেমাজি অসামৰিক চিকিৎসালয়ত বুধবাৰে অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ভয়ংকৰভাৱে নিৰ্গত হয় গেছ আৰু ধোৱা ৷ চিকিৎসালয়খনৰ ৰোগী,অভিভাৱক তথা নাৰ্চসকলৰ মাজত সৃষ্টি হয় হুৱা-দুৱা ৷ যিয়ে যেমেকৈ পাৰে তেনেকৈয়ে চিকিৎসালয়খনৰ পৰা বাহিৰ ওলাবলৈ চেষ্টা কৰে ৷ আনহাতে অস্ত্ৰোপচাৰ কৰা অতি সংকটজনক ৰোগীয়েও হাতত চেলাইন লোৱা অৱস্থাত ওলাই আহিবলগীয়া হয় ৷
জানিব পৰা মতে,ধেমাজিৰ অসামৰিক চিকিৎসালয়ৰ তৃতীয় মহলাৰ চাৰ্জিকেল ৱাৰ্ডত থকা এজন ৰোগীক অক্সিজেন দিবলৈ নিয়া অক্সিজেন ভৰ্তি চিলিণ্ডাৰৰ পৰা ৰোগীক অক্সিজেন দিবলৈ চেষ্টা কৰোতেই তীব্ৰ গতিৰে নিৰ্গত হয় অক্সিজেন গেছ ৷ ফলত এক আতংকময় পৰিৱেশে বিৰাজ কৰে চিকিৎসালয়খনত ৷ অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই পলমকৈ গেছ বন্ধ কৰিবলৈ সক্ষম হয় ৷