ধেমাজি,9 এপ্ৰিল : ৰাজ্যত পুনৰ কৰ'ণা সংক্ৰমণ বৃদ্ধিকলৈ সৰ্বত্ৰে আতংক বিৰাজ কৰাৰ সময়তে ধেমাজিত জব্দ 204 টা গাহৰি ৷ বৃহস্পতিবাৰে হাৰিয়ানাৰ পৰা সৰবৰাহ হোৱা এই গাহৰি সমূহ জব্দ কৰে ধেমাজি ক্ষুদ্ৰ গাহৰি পালক সন্থাই ৷ বৃহস্পতিবাৰে ধেমাজি জিলা পশুপালন বিষয়া, জিলা উপায়ুক্ত আৰু ধেমাজি সদৰ আৰক্ষী থানাত সন্থাটোৰ বিষয়ববীয়া সকলে পৃথকে পৃথকে বিষয়টো সন্দৰ্ভত অভিযোগ দাখিল কৰে ৷
হাৰিয়ানাৰ পৰা সৰবৰাহ হোৱা গাহৰিকলৈ ধেমাজিত আতংক - ধেমাজি সদৰ আৰক্ষী থানা
বৃহস্পতিবাৰে হাৰিয়ানাৰ পৰা সৰবৰাহ হোৱা গাহৰিকলৈ আতংক ধেমাজিত ৷ বৃহস্পতিবাৰে ধেমাজি ক্ষুদ্ৰ গাহৰি পালক সন্থাই জব্দ কৰে 204 টা গাহৰি ৷ ধেমাজি জিলা পশুপালন বিষয়া, জিলা উপায়ুক্ত আৰু ধেমাজি সদৰ আৰক্ষী থানাত পৃথকে পৃথকে অভিযোগ দাখিল ৷
হাৰিয়ানাৰ পৰা সৰবৰাহ হোৱা গাহৰিকলৈ ধেমাজিত আতংক
উল্লেখ্য যে, ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিজান অঞ্চলত এখন ফাৰ্মত হাৰিয়ানাৰ পৰা অনা 204 টা গাহৰিৰ বাবে বেমাৰৰ সংক্ৰমণৰ আশংকা কৰি ইয়াৰ যথোচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাই জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ কাষ চাপে ক্ষুদ্ৰ গাহৰি পালক সন্থাই ৷
লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত মুখথেকেচা আছুৰ
Last Updated : Apr 9, 2021, 8:42 AM IST