অসম

assam

By

Published : Sep 2, 2019, 7:07 PM IST

ETV Bharat / state

পথাৰত শুৰ পোকৰ তাণ্ডৱ : চহা কৃষকে জুৰিছে কাকূতি ঘোষা

জোনাই মহকুমাৰ চিগা মিচিং অঞ্চলত শুৰ পোকৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ প্ৰায় 80 শতাংশ ধাননি শুৰ পোকে নষ্ট কৰাৰ পাচতো ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৃষি বিভাগে ৷

পথাৰত শুৰ পোকৰ তাণ্ডৱ

চহা কৃষকে জুৰিছে কাকূতি ঘোষা

জোনাই, ছেপ্তেম্বৰ 02 : ধাননিৰ মাজত আঁঠু লৈছে একাংশ গঞাই ৷ উদ্দেশ্য নেদেখাজনৰ আৰ্শীবাদ লোৱা ৷ ধূপ-চাকি জ্বলাই নৈবেদ্য আগবঢ়াই কৰিছে জুৰিছে কাকূতি ঘোষা ৷ কাৰণ অসাৰ হৈ পৰি বিজ্ঞান-প্ৰযুক্তি ৷ সাধাৰণতে লক্ষ্মী পূজা অথবা কাতি বিহুতহে এনেদৰে পথাৰত চাকি জ্বলোৱা দেখা যায় ৷ কিন্তু আবতৰত এইদৰে ধাননি পথাৰত সেৱ ল'বলৈ বাধ্য এইসকল গঞা ৷

জোনাই মহকুমাৰ চিগা মিচিং অঞ্চলত শুৰ পোকৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ সেয়ে এইসকল লোকে পথাৰৰ মাজত অদৃষ্ট জনলৈ সেৱা আগবঢ়াই নৈবেদ্য আগবঢ়োৱাৰ লগতে সমূহীয়াকৈ পান কৰে কানি ৷ বানৰ পিচত চহা ৰাইজে পেটৰ ভাত মুঠি মোকলাবলৈ কঁপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি এফালৰ পৰা নষ্ট কৰিছে শুৰ, চৰহা আদি পোকে ৷ প্ৰায় 80 শতাংশ ধাননি শুৰ পোকে নষ্ট কৰাৰ পাচতো ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৃষি বিভাগে ৷ স্থানীয় কৃষক ৰাইজে কৃষি বিভাগক অতি শীঘ্ৰে পথাৰ সমূহ পৰিদৰ্শন কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷

ABOUT THE AUTHOR

...view details