অসম

assam

ETV Bharat / state

উন্মুক্ত মথাউৰিঃ চিন্তিত ধেমাজিবাসী - JIADHOL RIVER

সমাগত বাৰিষাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিপদসংকুল মথাউৰিসমূহ তৎকালীনভাৱে মেৰামতিৰ নিৰ্দেশ দিছিল যদিও সকলো এতিয়া অসাৰ প্ৰতিপন্ন হৈ পৰিছে । 2017 বৰ্ষতে ধেমাজিৰ জীয়াঢল নৈৰ খহি পৰা সাপেখাতী - বগলীজান অঞ্চলৰ মথাউৰিটো মেৰামতিৰ অভাৱত বতমানলৈকে উন্মুক্ত হৈ পৰি ৰৈছে ।

ৰাজ্যৰ বান পৰিস্থিতি : শংকাত দিন কটাইছে ৰাইজে

By

Published : May 13, 2019, 12:43 PM IST

ধেমাজি, ১৩ মে': ধেমাজিৰ জীয়াঢল - কুমটীয়াৰ উন্মুক্ত মথাউৰিয়ে শংকিত কৰি তুলিছে ধেমাজিৰ কুমটীয়াৰ সাপেখাতী - বগলীজান অঞ্চলৰ ৰাইজক । সমাগত বাৰিষাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিপদসংকুল মথাউৰিসমূহ তৎকালীনভাৱে মেৰামতিৰ নিৰ্দেশ দিছিল যদিও সকলো এতিয়া অসাৰ প্ৰতিপন্ন হৈ পৰিছে । 2017 বৰ্ষতে ধেমাজিৰ জীয়াঢল নৈৰ খহি পৰা সাপেখাতী - বগলীজান অঞ্চলৰ মথাউৰিটো মেৰামতিৰ অভাৱত বতমানলৈকে উন্মুক্ত হৈ পৰি ৰৈছে ।

ৰাজ্যৰ বান পৰিস্থিতি : শংকাত দিন কটাইছে ৰাইজে

মথাউৰি নিৰ্মাণৰ নামত এচপৰাও মাটি নপৰাৰ ফলত পুনৰ বানত ডুব যাব পাৰে বৰদলনি আৰু গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁও । সেয়েহে এতিয়া চিন্তিত হৈ পৰিছে সাপেখাতী - বগলীজান অঞ্চলটোৰ ৰাইজ ।

ABOUT THE AUTHOR

...view details