জোনাইত পুনৰ কোভিড-১৯ ত আক্ৰান্ত যুৱক - Dhemaji hospital
ধেমাজি জিলাত পুনৰ এজন ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হৈছে । গোৱাৰ পৰা আহি ১ জুনৰ পৰা কোৱাৰেন্টাইন হৈ আছিল যুৱকজন ।
![জোনাইত পুনৰ কোভিড-১৯ ত আক্ৰান্ত যুৱক One more corona positive cases in dhemaji jonai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-02:46-as-jonai-news7jun-07062020142626-0706f-1591520186-586.jpg)
One more corona positive cases in dhemaji jonai
জোনাই, ৭ জুন :ধেমাজি জিলাৰ জোনাইত দেওঁবাৰে পুণৰ এজন যুৱকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত কোৱাৰেন্টাইন হৈ আছিল যুৱকজন । কোভিড-19ত আক্ৰান্ত হোৱা যুৱকজন ডিমৌ লামাৰ অৰুণ দলে বুলি জানিব পৰা গৈছে ৷ যুৱকজন গোৱাৰ পৰা আহি ১ জুনৰ পৰা কোৱাৰেন্টাইন হৈ আছিল ৷ বৰ্তমান আক্ৰান্ত ৰোগীজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । উল্লেখযোগ্য যে, বৰ্তমানলৈ জোনাইত ৪ জন ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হৈছে ।