অসম

assam

ETV Bharat / state

পৰিবহণ বিষয়াক বদলি কৰাৰ ধমক

পৰিবহণ বিভাগৰ বিষয়াক চাকৰি বদলি কৰি দিয়াৰ ধমক এজন ব্যক্তিৰ ৷ অভিযুক্ত মৃদুল শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিবহণ বিষয়া নিতু চেতিয়াৰ ৷

By

Published : Jun 25, 2019, 8:41 PM IST

পৰিবহণ বিষয়াক বদলি কৰাৰ ধমক

ধেমাজি, 25 জুন: কৰ্তব্যৰত অৱস্থাতে পৰিবহণ বিভাগৰ বিষয়াক চাকৰিৰ পৰা বদলি কৰি দিয়াৰ ধমক এজন লোকৰ ৷ মৃদুল শৰ্মা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ পৰিবহণ বিভাগৰ এনফৰ্চমেন্ট বিষয়া নিতু চেতিয়াৰ ৷ অভিযুক্ত মৃদুল শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিবহণ বিষয়াগৰাকীৰ ৷ জানিব পৰামতে,যোৱা 18 জুনত ধেমাজি নগৰত পৰিবহণ বিভাগৰ এনফৰ্চমেন্ট বিষয়া নিতু চেতিয়াৰ নেতৃত্বত থকা এটা দলে মটৰ চাইকেল আৰোহী সকলৰ হেলমেট তথা নথিপত্ৰ পৰীক্ষা কৰি থকা অৱস্থাত পত্নীৰ সৈতে হেলমেট অবিহনে চলাই গৈছিল মটৰচাইকেল ৷ সেই সময়তে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিচৰাত সৃষ্টি হয় বাক বিতণ্ডাৰ ৷ বিষয়াগৰাকীক গালি গালাজ কৰাৰ লগতে তিনি দিনৰ ভিতৰত ধুবুৰীলৈ বদলি কৰি দিম বুলি হংকাৰ প্ৰদানৰ অভিযোগ মৃদুল শৰ্মাৰ বিৰুদ্ধে ৷ ইফালে,পত্নীৰ হতুৱাই পৰিবহণ বিষয়াগৰাকীৰ বিৰুদ্ধে আন এক গোচৰো ৰুজু কৰে মৃদুল শৰ্মাই ৷ অৱশ্যে তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

পৰিবহণ বিষয়াক বদলি কৰাৰ ধমক

ABOUT THE AUTHOR

...view details