জোনাই, ২৯ জুন :ৰাজ্যত বান অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation of Assam)। এতিয়া বহু স্থানত বান পৰিস্থিতি অতি ভয়াৱহ হৈ আছে । উদ্বেগজনকভাৱে বানৰ কৱলত পৰি এতিয়ালৈ ৰাজ্যত ১২২ গৰাকী লোকৰ মৃত্যু হৈছে । প্ৰতিদিনে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে । ইয়াৰ মাজতে বুধবাৰে ধেমাজিৰ জোনাইত আন এক শোকাৱহ ঘটনা ।
জিলাখনৰ জোনাইত বানৰ কৱলত পৰি পুনৰ এগৰাকী লোকে প্ৰাণ হেৰুৱালে (One killed in Jonai due to floods)। মৃত ব্যক্তিগৰাকী জোনাইৰ অকলেণ্ড গাৱঁৰ নিবাসী বলোৰাম ভূমিজ বুলি জানিব পৰা গৈছে । ৰহস্যজনকভাৱে নিজৰ ঘৰৰ ভিতৰতে উদ্ধাৰ লোকজনৰ মৃতদেহ ।
উল্লেখ্য যে জোনাইৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে (Flood in Jonai)৷ প্ৰতিদিনে নতুন নতুন অঞ্চল প্লাৱিত হৈছে । তেনে সময়তে মৃত বলোৰাম ঘৰতোও বানৰ কৱলত পৰে । যাৰ বাবে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলে নিশাৰে পৰা সুৰক্ষিত স্থানত আশ্ৰয় লৈ আছে ।