অসম

assam

ETV Bharat / state

One dies of Japanese Encephalitis: বানৰ সমান্তৰালকৈ মাৰাত্মক ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে

ধেমাজিত জাপানিজ এনকেফেলাইটিছে প্ৰাণ ল’লে এজনৰ ৷ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু দুজনৰ ৷ গ্ৰামাঞ্চলত ধোঁৱা দি ম’হ নিধন আৰু সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা স্বাস্থ্য বিভাগৰ ৷

one died due to Japanese Encephalitis in Dhemaji
জাপানিজ এনকেফেলাইটিছে প্ৰাণ ল’লে এজনৰ

By

Published : Jul 13, 2023, 9:34 PM IST

জাপানিজ এনকেফেলাইটিছে প্ৰাণ ল’লে এজনৰ

ধেমাজি, 13 জুলাই : ৰাজ্যত এতিয়া বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বানৰ কৱলত পৰা জিলা সমূহৰ ভিতৰত অন্যতম এখন জিলা হৈছে ধেমাজি জিলা ৷ কিন্তু ধেমাজিত এতিয়া বানৰ সমান্তৰালকৈ কালৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে ৷

বাৰিষাৰ সময়ছোৱাত বিশেষকৈ জুন-জুলাই মাহত সৰ্বাধিক বৃদ্ধি পায় এনকেফেলাইটিছ সদৃশ আৰু জাপানিজ এনকেফেলেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ এইবছৰ মৃত্যুদূতৰূপী এনকেফেলাইটিছে জিলাখনত প্ৰাণ ল’লে তিনিজনৰ ৷ ইয়াৰে এজন জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আৰু আন দুজন এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৷ এই ক্ষেত্ৰত ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক কিশোৰ কামানে জানিবলৈ দিয়া মতে চলিত বছৰৰ জুন-জুলাইত মাহত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ দুজনৰ মৃত্যু হৈছে আৰু জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজনৰ মৃত্যু হৈছে ৷

এতিয়ালৈকে ধেমাজিত এনকেফেলাইটিছত আক্ৰান্ত মুঠ ২৯ জন ৰোগী ধৰা পৰিছে । ইয়াৰে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে ছয়জনক । ছয়জন ৰোগীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে চিকিৎসাধীন আটাইকেইজনে আৰোগ্য লাভ কৰিছে বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে ৷

ইপিনে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা অঞ্চলসমূহত সন্ধিয়া ধোঁৱা দি আৰু আঠুৱা বিতৰণ কৰি তৎপৰতা অৱলম্বন কৰিছে ধেমাজি স্বাস্থ্য বিভাগে ৷ তাৰোপৰি গাহৰি গঁড়ালসমূহ মানুহৰ ঘৰৰ পৰা নিলগত নিৰ্মাণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিভাগে ৷ সেইদৰে একেটা সময়তে মাৰাত্মক ৰোগ হিচাপে ডায়েৰীয়া সন্দৰ্ভতো ঘৰে ঘৰে গৈ স্বাস্থ্য কৰ্মীসকলে গৈ সজাগতা অনাৰ প্ৰয়াস কৰিছে ।

জিলাখনৰ 5 টা স্বাস্থ্যখণ্ডৰ 92 টা স্বাস্থ্য উপ-কেন্দ্ৰৰ অধীনত সজাগতা সভা অনুষ্ঠিত কৰি সকলো স্বাস্থ্যকৰ্মী, আশাকৰ্মী সকলক সজাগতা আনিবৰ নিৰ্দেশ দিয়া হৈছে ৷ এনকেফেলাইটিছ ৰোগত ধৰা পৰা ৰোগীক জৰুৰীভাৱে চিকিৎসা কৰিবলৈ ধেমাজি অসামৰিক চিকিৎসালয়ত সাজু কৰি ৰখা হৈছে ১৫ খনকৈ বিচনা ৷

লগতে পঢ়ক :Japanese encephalitis in Assam : আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ: চিকিৎসাধীন যুৱক

ABOUT THE AUTHOR

...view details