ধেমাজি,12 জুলাইঃ ধেমাজিত নলাত পৰি এজন লোকৰ মৃত্যু হয় ৷ মৃত লোকজনৰ নাম দ্বীপেন মাঝি বুলি জানিব পৰা গৈছে ৷
ধেমাজিত নলাত পৰি এজনৰ মৃত্যু - আৰক্ষী
ধেমাজিত নলাত পৰি থকা অৱস্থাত এজন লোকক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ ইয়াৰ পাচতে ঘটনা সন্দৰ্ভত অৱগত কৰা হয় আৰক্ষীক ৷
ধেমাজিত নলাত পৰি এজন লোকৰ মৃত্যু
ধেমাজি নগৰৰ সমীপৰ কাঢ়ি চুকৰ আনুনগৰত দেওবাৰে সংঘটিত হয় অঘটন ৷ পথৰ দাঁতিত থকা নলাত পৰি মৃত্যুমুখত পৰে এজন লোক ৷ প্ৰথম অৱস্থাত লোকজনক নলাটোত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ লগে লগে উক্ত ঘটনাটি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে লোকজনক ৷ মৃত লোকজন ধেমাজি নগৰৰ এৰাঢলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক-স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই যুৱকৰ মৃত্যুৰ অভিযোগ