জোনাই,10 জুলাই: শুকুৰবাৰে ধেমাজী জিলাৰ জোনাইত জোনাই আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এগৰাকী বৃদ্ধা মহিলাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা বৃদ্ধা গৰাকী জোনাইৰ গালী বৰবালিৰ ৰচন দলে বুলি জানিব পৰা হৈছে ৷ শুকুৰবাৰে দিনৰ প্ৰায় ৩.৩০ বজাত জোনাই আৰক্ষীয়ে স্থানীয় সংগঠন টিএমপিকেৰ(TMPK) সহযোগত অভিযান চলাই আটক কৰা বৃদ্ধাগৰাকীৰ পৰা প্ৰায় ২ কেজি ৬০০ গ্ৰাম গাঞ্জা জব্দ কৰে ৷
উল্লেখযোগ্য যে, জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে বৃদ্ধাগৰাকীৰ ঘৰত অভিযান চলায় ৷ বৃদ্ধাগৰাকীয়ে গাঞ্জা (GANJA )খিনি নিজৰ শিৱ মন্দিৰত ৰাখি থৈছিল । জানিব পৰা মতে, বৃদ্ধাগৰাকীয়ে দীৰ্ঘদিন ধৰি নিজ ঘৰৰ শিৱ মন্দিৰৰ পৰাই গাঞ্জাৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি জোনাই আৰক্ষীয়ে অধিক তথ্যৰ আহৰণৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে বৃদ্ধাগৰাকীক ।
মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ পাচতে ৰাজ্যৰ এখন পাচত আনখন জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । যাৰ ফলত আৰক্ষীয়ে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰা ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখযোগ্য যে, অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰা এক টুইটে উদঙাইছে ৰাজ্যত কি হাৰত সৰবৰাহ বা ব্যৱসায়ী গঢ়লৈ উঠিছিল অবৈধ নিচাজাতীয় সামগ্ৰীৰ ৷ জিপি সিঙে টুইটত দিয়া তথ্য অনুসৰি শেহতীয়াকৈ 10 মে’ 2021 ৰ পৰা 29 জুন 2021 লৈকে ৰাজ্যত 1,318,954,435,00 টকা মূল্যৰ অবৈধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷