অসম

assam

By

Published : Jun 13, 2020, 6:35 PM IST

ETV Bharat / state

ঋতুপৰ্ণ পেগু হত্যাকাণ্ডক তীব্ৰ গৰিহণা জোনাই টি এম পি কেৰ

মানৱৰূপী দানৱৰ জিঘাংসাৰ বলি হ'ল চিলাপথাৰৰ ঋতুপৰ্ণ। এনেবোৰ দানৱৰ জীয়াই থকাৰ অধিকাৰ নাই বুলি মন্তব্য কৰে টি এম পি কে জিসা সমিতিৰ নেতৃত্বই ৷

Jonai
ঋতুপৰ্ণ পেগু

জোনাই,১৩ জুনঃ ঋতুপৰ্ণ পেগু নামৰ যুৱকজনক হত্যা কৰা কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা মিচিং জাতীয় সংগঠন টি এম পি কেৰ ৷ শনিবাৰে এক বিবৃতিযোগে এই ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীৰ ফাৰ্নিছাৰৰ দোকান ছীল কৰা আৰু ঘটনাত জড়িত লোকক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় দলটোৱে ৷ লগতে টি এম পি কে ৰ জোনাই জিলা সমিতিৰ সভাপতি কান্দা টায়েঙ আৰু সম্পাদক বিধান মিলিয়ে এই ঘটনা অতি নিৰ্মম,নৃশংস,লোমহৰ্ষক আৰু হৃদয়বিদাৰক বুলি মন্তব্য কৰে ।

ঋতুপৰ্ণ পেগু হত্যাকাণ্ডক তীব্ৰ গৰিহণা জোনাই টি এম পি কেৰ

লগতে পঢ়কঃঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ ন্যায় বিচাৰি উত্তাল নুনমাটি থানা চৌহদ

মানৱৰূপী দানৱৰ জিঘাংসাৰ বলি হ'ল চিলাপথাৰৰ ঋতুপৰ্ণ। এনেবোৰ দানৱৰ জীয়াই থকাৰ অধিকাৰ নাই বুলি মন্তব্য কৰে টি এম পি কে জিসা সমিতিৰ নেতৃত্বই ৷ উল্লেখ্য যে,শুকুৰবাৰে সামান্য কোনো কথাত তৰ্ক-বিতৰ্ক হোৱাৰ বাবে চোকা অস্ত্ৰৰে হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক ৷

ABOUT THE AUTHOR

...view details