অসম

assam

ETV Bharat / state

ধেমাজিত ক'ভিড আক্ৰান্তৰ সংখ্যা 125 লৈ বৃদ্ধি - COVID UPDATE

ধেমাজি জিলা প্ৰশাসনে জাৰি কৰা প্ৰতিটো নিৰ্দেশনালৈ সম্পূৰ্ণ সঁহাৰি জনাই স্থানীয় ব্যৱসায়ী সকলেও সন্ধিয়াতেই বন্ধ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৃহস্পতিবাৰৰ পৰা তৎকালীনভাৱে বলবৎ হোৱাকৈ ধেমাজি জিলা প্ৰশাসনে চৰকাৰী আৰু বেচৰকাৰী সকলো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান স্থগিত ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ৷

ধেমাজিত ক'ভিড আক্ৰান্তৰ সংখ্যা 125 গৰাকীলৈ বৃদ্ধি
ধেমাজিত ক'ভিড আক্ৰান্তৰ সংখ্যা 125 গৰাকীলৈ বৃদ্ধি

By

Published : Apr 22, 2021, 2:18 PM IST

ধেমাজি,22 এপ্ৰিল :মহামাৰী ক'ৰণাৰ দ্বিতীয় প্ৰবাহে সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰাত সৰ্বত্ৰে শংকিত হৈ পৰিছে জনসাধাৰণ ৷ দেশৰ মুখ্য চহৰ সমূহৰ সমান্তৰালভাৱে ক'ৰণাই ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যতো ৷ দৈনিক শ শ লোক আক্ৰান্ত হোৱাত শংকিত হৈ পৰিছে স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসন ৷ ক'ৰণাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে জিলা প্ৰশাসন সমূহলৈ প্ৰেৰণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ প্ৰতিখন জিলাৰ প্ৰশাসনে ইতিমধ্যে সুচাৰুৰূপে পালন কৰি গৈছে প্ৰতিটো নিৰ্দেশনা ৷

ধেমাজিত ক'ভিড আক্ৰান্তৰ সংখ্যা 125 গৰাকীলৈ বৃদ্ধি

আন আন জিলা সমূহৰ সমান্তৰালভাৱে ধেমাজি জিলা প্ৰশাসনে জাৰি কৰা প্ৰতিটো নিৰ্দেশনালৈ সম্পূৰ্ণ সঁহাৰি জনাই স্থানীয় ব্যৱসায়ী সকলেও সন্ধিয়াতেই বন্ধ কৰিলে ব্যৱসায়িক প্ৰতিস্থান ৷ ইফালে, বৃহস্পতিবাৰৰ পৰা তৎকালীনভাৱে বলবৎ হোৱাকৈ ধেমাজি জিলা প্ৰশাসনে চৰকাৰী আৰু বেচৰকাৰী সকলো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান স্থগিত ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ৷

সম্প্ৰতি, জিলা স্বাস্থ্য বিভাগে সদৰি কৰা তথ্য অনুসৰি বুধবাৰৰ দিনটোত ধেমাজিত পুনৰ 14 গৰাকী লোকৰ দেহত ক'ৰণা উপস্থিতি ধৰা পৰাৰ পিছত সৰ্বমুঠ 125 গৰাকীলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইয়াৰে 4 গৰাকী আক্ৰান্তক ধেমাজি ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে 16 গৰাকী আক্ৰান্তক হোম আইচ'লেচনত থকাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ আনহাতে, এগৰাকী আক্ৰান্তৰ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাৰ পাচত বৰ্তমান মুঠ 104 গৰাকী লোক আক্ৰান্ত হৈ আছে ৷

লগতে পঢ়ক : ক’ভিডত প্ৰাণ হেৰুৱালে সীতাৰাম য়েচুৰীৰ পুত্ৰই

ABOUT THE AUTHOR

...view details