অসম

assam

By

Published : Nov 12, 2020, 10:43 AM IST

ETV Bharat / state

2021ত অসমত কংগ্ৰেছৰে চৰকাৰ হ'ব : অনুশেষ শৰ্মা

2021ত চৰকাৰ হ'ব কংগ্ৰেছৰ ৷ ছাত্ৰ সমাজৰ সমস্যা বুজ ল'বৰ বাবে ধেমাজিলৈ ৰাহুল গান্ধীয়ে পঠিয়াইছে অনুশেষ শৰ্মাক ৷

2021ত অসমত কংগ্ৰেছৰে চৰকাৰ হ'ব : অনুশেষ শৰ্মা
2021ত অসমত কংগ্ৰেছৰে চৰকাৰ হ'ব : অনুশেষ শৰ্মা

ধেমাজি, 12 নৱেম্বৰ : "বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ চিন্তিত নহয় ৷ কিন্ত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ছাত্ৰ ছাত্ৰীৰ সমস্যা কথা বুজি পায় ৷ যাৰ বাবে এইদৰে ধেমাজিলৈ পঠাইছে তেওঁক ৷ ধেমাজিৰ ছাত্ৰ ছাত্ৰছাত্ৰী সকলৰ বহু সমস্যা আছে ৷ বিভিন্ন শিক্ষানুষ্ঠানৰ ইয়াত অভাৱ আছে ৷ ধেমাজিলৈ আহি এই অভাৱ অনুভৱ কৰিছে ৷" এই মন্তব্য এনএচইউআইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুশেষ শৰ্মাৰ ৷

বুধবাৰে ধেমাজি আৰু চিলাপথাৰত NSUI দ্বাৰা অনুষ্ঠিত কৰা বিশাল যোগদান সমাৰোহত অংশগ্ৰহণ কৰি শীৰ্ষ নেতাগৰাকীয়ে এইদৰে কয় ৷ লগতে বিজেপি চৰকাৰ বিৰুদ্ধে সৰৱ হৈ কয় যে 2021ত অসমত কংগ্ৰেছৰে চৰকাৰ গঠন হ'ব ৷ এই কথা অসমৰ জনসাধাৰণৰ পৰা জানিব পাৰিছে ৷ কংগ্ৰেছ দলে কোৱা নাই এই কথা ৷ অসমৰ ৰাইজে নিশ্চিতভাৱে এইবাৰ বিজেপিক প্ৰত্যাখান কৰিব ৷ এই সুযোগ ল'ব লাগে ৷ কংগ্ৰেছ চৰকাৰ আহিলে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা ক্ষেত্ৰত আহি পৰা সমস্যাৰ NSUIএ সমাধান কৰিব বুলি বক্তব্য আগবঢ়াই শৰ্মাই ৷ লক্ষনীয়ভাৱে NSUIৰ বিশাল সভাত জিলা কংগ্ৰেছৰ বিভিন্ন বিষয়ৱবীয়াৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

ABOUT THE AUTHOR

...view details