অসম

assam

ETV Bharat / state

DAC Election: দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন: মনোনয়ন দাখিলপৰ্ব আৰম্ভ - উপায়ুক্ত কাৰ্যালয়ত দাখিল মনোনয়নপত্ৰ

ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়নপত্ৰ দাখিল(Deori Autonomous Council election)৷

Nominations filed at the Commissioner's office for DAC election
DAC Election: উপায়ুক্ত কাৰ্যালয়ত দাখিল মনোনয়নপত্ৰ

By

Published : Oct 18, 2022, 1:55 PM IST

Updated : Oct 18, 2022, 2:04 PM IST

ধেমাজি 18 অক্টোবৰ: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election) ৷ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্যৰে গঠন হোৱা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ৮ নৱেম্বৰত । ইয়াৰ বাবে সোমবাৰৰ পৰা আৰম্ভ হ’ল প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলপৰ্ব। ধেমাজি উপায়ুক্ত কাৰ্যালয়ত জিমঁচায়া পি’পলচ পাৰ্টীৰ গোগামুখ, বৰদলনি, আৰু শ্ৰীপানি সমষ্টিৰ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে সমৰ্থকসহ দলেবলে আহি মনোনয়ন পত্ৰ দাখিল কৰে ।

এই সময়চোৱাত প্ৰাৰ্থীসকলৰ একাংশ সমৰ্থকে গীত জুৰি আনন্দ উল্লাস কৰি সময়খিনি উপভোগ কৰাও পৰিলক্ষিত হ’ল । বৰদলনি সমষ্টিৰ প্ৰাৰ্থী জিন্টুচান দেউৰী,গোগামুখ সমষ্টিৰ নিৰুপ্ৰভা দেউৰী আৰু শ্ৰীপানি সমষ্টিৰ প্ৰাৰ্থী বীনাপানি দেউৰীয়ে জেপিপি দলৰ হৈ ৰিটাৰ্ণিং বিষয়া নন্দিতা বৰুৱাৰ হাতত দাখিল কৰে নিজৰ মনোনয়নপত্ৰ ৷ দেউৰী জনগোষ্ঠীৰ একমাত্ৰ আঞ্চলিক দল জেপিপিৰ দুগৰাকী প্ৰাৰ্থীয়ে জনগোষ্ঠীটোৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মনৰ অনুভৱ ব্যক্ত কৰে ৷ পূৰ্বৰ পাৰিষদসকলে সমষ্টিৰ উন্নয়নত কাম নকৰাৰ বাবেই ৰাইজৰ সমৰ্থনত প্ৰতিদন্দিতা কৰিবলৈ ওলাই অহা বুলি কয় বৰদলনি সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে ।

DAC Election: উপায়ুক্ত কাৰ্যালয়ত দাখিল মনোনয়নপত্ৰ

উল্লেখ্য যে, এই নিৰ্বাচনৰ বাবে ইতিমধ্যে লখিমপুৰ জিলাত অধিসূচনা জাৰি কৰা হৈছে ৷ ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী , ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ ৮ খন জিলাক সামৰি থকা পৰিষদৰ ২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । লখিমপুৰ জিলাত থকা পৰিষদখনৰ সাতটা সমষ্টিত হ’ব ভোটগ্ৰহণ ৷ প্ৰশাসনে ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি ক্ষীপ্ৰ কৰি তুলিছে । নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপন কৰিবলৈ জিলাখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে(144 imposed in Lakhimpur) ।

লখিমপুৰত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে আগ্নেয়াস্ত্ৰ জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে । জিলাখনত শনিবাৰে জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰা পৰ্যন্ত বাহাল থাকিব বুলি উল্লেখ কৰা হৈছে ১৪৪ ধাৰা ৷(Section 144 imposed until the election results announce) ।

লগতে পঢ়ক: DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

Last Updated : Oct 18, 2022, 2:04 PM IST

ABOUT THE AUTHOR

...view details