জোনাই, ১৬ ডিচেম্বৰ :ধেমাজি জিলাৰ জোনাইত অসম চৰকাৰৰ চৰম অৱহেলাত যোৱা তিনি দশকৰো অধিক সময় পৰিত্য়ক্ত অৱস্থাত আছে জোনাইৰ ৩ নং মুৰ্কংচেলকত থকা কাৰাগাৰটো ৷ ৩৩ বছৰ পূৰ্বে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা জোনাইৰ কাৰাগাৰটো চৰকাৰৰ চৰম হেমাহিৰ ফলত আজি জহি-খহি ভূত বাংলালৈ পৰ্যবসিত হৈছে ৷ প্ৰায় ৫২ বিঘা ভূমি আগুৰি থকা জোনাইৰ এইটো কাৰাগাৰ ৩৩ টা বছৰে ব্যৱহাৰ তথা মেৰামতি নকৰাত জহি খহি যোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে । ৫২ বিঘা মাটিত উন্নয়নমূলক আচনি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।
আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সভাপতি সঞ্জীৱ দাস আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই কয় যে বৃহৎ কাৰাগাৰটোৰ দুৱাৰ-খিৰিকী,চৌহদ বেৰ,মজিয়া আদিৰ কাৰাগাৰৰ বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা বহুকেইটা আবাস ৷