জোনাই, 23 অক্টোবৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজী জিলাৰ চিলাপথাৰ চিলাসুঁতিস্থিত তাম্ৰেশ্বৰী আইথানত অনুষ্ঠিত হৈছে 115 বছৰীয়া দুৰ্গা পূজা ৷ মিচিং, বড়ো, নেপালী, বঙালী, সোণোৱাল আদি বিভিন্ন জনগোষ্ঠীৰ লোকে দশকজুৰি দুৰ্গা পূজা উদযাপন কৰি অহা এই পূজাথলীত এইবাৰ নাই পূৰ্বৰ উচাহ ৷ দশকজুৰি পূজা উদযাপন হৈ অহা তাম্ৰেশ্বৰী আইথানত এইবাৰ ক'ভিড 19 সম্পৰ্কীয় নীতি নিয়ম মানি পূজাৰ অনুষ্টুপীয়া আয়োজন পৰিলক্ষিত হৈছে ৷ লগতে পূজাৰ বাকৰিত ওলমি ৰৈছে ক'ভিড প্ৰটকলৰ বেনাৰ ৷
চিলাপথাৰৰ তাম্ৰেশ্বৰী আইথানৰ 115 বছৰীয়া দুৰ্গা পূজাথলীত নাই পূৰ্বৰ উচাহ - ধেমাজী
ক'ৰণা আতংকৰ মাজতে চিলাপথাৰ চিলাসুঁতি তাম্ৰেশ্বৰী আইথানত 115 বৰ্ষীয় দুৰ্গা পূজা উদযাপন ৷ দশক জুৰি উদযাপন কৰি অহা পূজাথলীত এইবাৰ নাই পূৰ্বৰ উচাহ-উদ্দীপনা ৷ পূজাৰ বাকৰিত ওলমি ৰৈছে কভিদ প্ৰট'কলৰ বেনাৰ ৷
![চিলাপথাৰৰ তাম্ৰেশ্বৰী আইথানৰ 115 বছৰীয়া দুৰ্গা পূজাথলীত নাই পূৰ্বৰ উচাহ চিলাপথাৰৰ তাম্ৰেশ্বৰী আইথানৰ 115 বছৰীয়া দুৰ্গা পূজাথলীত নাই পূৰ্বৰ উচাহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9288305-thumbnail-3x2-jonai.jpg)
চিলাপথাৰৰ তাম্ৰেশ্বৰী আইথানৰ 115 বছৰীয়া দুৰ্গা পূজাথলীত নাই পূৰ্বৰ উচাহ
চিলাপথাৰৰ তাম্ৰেশ্বৰী আইথানৰ 115 বছৰীয়া দুৰ্গা পূজাথলীত নাই পূৰ্বৰ উচাহ
উল্লেখ্য যে পূজাৰ মাংগলিক সামগ্ৰী দান কৰি বিশিষ্ট সমাজ সেৱক মাধৱ মুচাহাৰীয়ে আইৰ ওচৰ ৰাইজৰ মংগল কামনা কৰে ৷ উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা তথ্য অনুসৰি চৰকাৰী নীতি নিৰ্দেশনা সমূহৰ মাজতে পৰম্পৰাগত নিয়ম মানি চলি সপ্তমীত বেল,মহাষ্টমীত হাঁহ,পাৰ আৰু ছাগলী আৰু মহানৱমীত ম'হৰ বলি বিধান চলিব ৷
লগতে পঢ়ক:ক’ৰণা মহামাৰীৰ বাবে হাফলঙত অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন