অসম

assam

By

Published : Jul 17, 2020, 8:16 PM IST

Updated : Jul 17, 2020, 9:23 PM IST

ETV Bharat / state

2021ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই বেৰাচাপৰি অঞ্চলত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লৈ বৰ্নাত্যই পাব লগা উচিত খাদ্য সামগ্ৰী প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ ইয়াৰোপৰি,জোনাই সমষ্টিৰ এই বিস্তীৰ্ণ অঞ্চলৰ গৰাখহনীয়া, বিজ্ঞান সন্মত মঠাউৰি নিৰ্মাণ কৰি সমস্যাৰ সমাধান কৰাৰ দাবী জনাই ৰাইজে ৷ অন্যথা আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ভুক্তভোগীয়ে ৷

2021ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ
2021 ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

জোনাই, ১৭ জুলাইঃ 2021 চনত ভোট বৰ্জনৰ সিদ্ধান্ত প্ৰতিবছৰে বানৰ সৈতে যুঁজ দি ভাগৰি পৰা জোনাইবাসীৰ ৷বছৰটোৰ দ্বিতীয়টো বানে প্লাৱিত কৰিছে জোনাই মহকুমাৰ প্ৰায় তিনি শতাধিক শতাধিক গাঁও । পূৰ্বতকৈও অধিক জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতিয়ে। লালী-চিয়াং,চিমেন,চিলে,ডেপী, দিখাৰী আৰু জোনাই নদীৰ প্ৰলয়ংকৰী বানত জোনাই ৰাজহ চক্ৰৰ বাহিৰে জোনাই,চিলে,লাইমেকুৰী,চমকং,লোহিজান,গালী চিকাৰী,ৰামধন আৰু মিছামৰা গাঁৱ পঞ্চায়তত অন্তৰ্গত দুই শতাধিক গাঁৱৰ হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমি,প্ৰায় ৮২৭১৮ হেজাৰ লোকৰ শ শ পশুধন সকলো প্ৰলয়ংকৰী বানৰ কৱলত ৷ কিন্তু এই লোকসকলৰ এপাক খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ প্ৰতিবছৰে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধিয়ে বাৰিষা কালত পাহৰি যায় ধেমাজিৰ বিষয়ে ৷ ফলশ্ৰুতিত এতিয়া সাগৰ সদৃশ পৰিস্থিতিত জোনাই অঞ্চল।

2021ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

বিগত ২০০০ চনৰ পৰা জোনাই নৈপৰীয়া ৰাইজে বানত ককবকাই থকাৰ পাছতো চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেইয়ে বানাক্ৰান্ত জোনাইৰ ৰাইজে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ জোনাইৰ বানাক্ৰান্তৰ ৷ বানৰ কবলত পৰি খাদ্য আৰু খোৱা পানীৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰি থকিব লগা হৈছে ৷ প্ৰশাসনে আশ্ৰয় শিবিৰত নগ'লে বান সাহাৰ্য দিয়া নহ'ব বুলি কোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত । কৰ'ণাৰ এই জটিল সময়ৰ মাজত হাজাৰ বানাক্ৰান্ত লোকক বান শিবিৰলৈ যোৱাটো যুক্তি সংগত নহয় বুলি দাবী কৰি সকলো পৰিয়ালক ঘৰে-ঘৰে সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ দাবী উত্থাপন কৰে বানাক্ৰান্ত ৰাইজে ।

2021 ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

লগতে পঢ়কঃঅৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ জিতেন গগৈ

বৰ্নাত্যৰ অভিযোগ বিগত এমাহ ধৰি চিয়াং- লালীৰ বানত ৰাইজে নিজা ঘৰ বাৰে এৰি মথাউৰি ওপৰত আশ্ৰয় লৈছে যদিও আজি পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা নামমাত্ৰ সাহাৰ্য প্ৰদান কৰাক লৈ ৰাইজে ক্ষোভ উজাৰিছে ৷ ভোকে পিয়াহে মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক মহকুমা প্ৰশাসনে কিয় পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগান দিব পৰা নাই বুলি প্ৰশ্ন কৰিছে বানপীড়িত ৰাইজে ৷ এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে জোনাইৰ বন্যাৰ্তই ৷ এইবাৰৰ বানপানীৰ অৱস্থা ১৯৯৮ চনত হোৱা চীনা পানী খ্যাত বানতকৈ কোনোগুণে কম নহয় বুলি উল্লেখ কৰিছে জোনাইৰ বানাক্ৰান্তই । যাৰ ফলত জোনাই মহকুমা অন্তৰ্গত ৮ খন পঞ্চায়তৰ অধিকাংশ গাঁও বানত বেয়াকৈ প্লাৱিত হৈ পৰিছে ৷ যমৰ যাতনাত উজাগৰী নিশা কটাইছে জোনাইৰ শ শ বন্যাৰ্তই ৷ অনাহাৰে মঠাউৰিৰ ওপৰত আশ্ৰয় লৈছে সহস্ৰাধিক ৰাইজ তথা পশুধনে ৷

2021 ত ভোট বৰ্জনৰ হুংকাৰ জোনাই বন্যাৰ্তৰ

উল্লেখযোগ্য যে মঠাউৰিত শিবিৰ পাতি বসবাস কৰি থকা বৰ্নাত্যৰ কাৰণে চাউল,দাইল,নিমখ,মিঠাতেল,জুইশলা,আঠুৱা,মমবাতি,জুইশলা,বিস্কুট,খোৱাপানী তিৰপাল আদি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা বুলি মহকুমা প্ৰশাসনে জানিব দিয়ে ৷ কিন্তু বানাক্ৰান্তই জানিবলা দিয়া মতে মাত্ৰ চাউল জনে প্ৰতি ডেৰ কেজি , দাইল আধা কেজি আৰু নিমখ আধা কেজি কৈ মাহত তিনিবাৰ পোৱা বুলি কয় ৷ বৃহস্পতিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই বেৰাচাপৰি অঞ্চলত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লৈ বৰ্নাত্যই পাব লগা উচিত খাদ্য সামগ্ৰী প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ ইয়াৰোপৰি, জোনাই সমষ্টিৰ এই বিস্তীৰ্ণ অঞ্চলৰ গৰাখহনীয়া, বিজ্ঞান সন্মত মঠাউৰি নিৰ্মাণ কৰি সমস্যাৰ সমাধান কৰাৰ দাবী জনাই ৰাইজে ৷ অন্যথা আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ভুক্তভোগীয়ে ৷

Last Updated : Jul 17, 2020, 9:23 PM IST

ABOUT THE AUTHOR

...view details