ধেমাজি,4 জুন:ধেমাজি সদৰ আৰক্ষীৰ অভিযানত ধেমাজি নগৰৰ সমীপৰ বৰুৱাচুকৰ পৰা গ্ৰেপ্তাৰ হৈছে NLFB ৰ দূৰ্ধষ কেডাৰ দিব্যজ্যোতি দি ডাৱৰী বসুমতাৰী ওৰফে টাইগাৰ ৷ শুকুৰবাৰে পুৱাই ধেমাজি সদৰ থানালৈ অনা হয় দুধৰ্ষ কেডাৰজনক ৷ ধেমাজি জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই সংবাদ মাধ্যমক জনোৱা অনুসৰি ধন সংগ্ৰহ আৰু কেডাৰ গোটোৱাৰ কামত ব্যস্ত হৈ আছিল ধৃত টাইগাৰ ৷
ধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ টাইগাৰ - NLFB cader tiger arrested at Dhemaji
শুকুৰবাৰে পুৱাই ধেমাজি সদৰ থানালৈ অনা হয় দুধৰ্ষ কেডাৰজনক ৷ আৰক্ষীৰ জেৰা অব্যাহত ৷
ধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ টাইগাৰ
উল্লেখ্য যে,NDFB ৰ আত্মসমৰ্পণ কাৰী গোটৰ পৰা উলাই গৈ বাথাৰ নেতৃত্বত গঠন হোৱা NLFB গোটত যোগদান কৰা টাইগাৰৰ ঘৰ ওদালগুৰিত ৷ কেডাৰজনৰ পৰা তেওঁ ব্যৱহাৰ কৰা ম'বাইল ফোনটো জব্দ কৰিছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Last Updated : Jun 4, 2021, 1:11 PM IST