অসম

assam

ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ জলবোমা : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

যাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সৰ্বানন্দ সোণোৱালক অতীতক সোঁৱৰাই বিজেপি দলৰ যি বৃহৎ নদী বান্ধ বিৰোধী প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ধেমাজি, লখিমপুৰ, ঢকুৱাখনা আৰু মাজুলীক সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে ।

By

Published : May 29, 2020, 11:38 AM IST

NHPC is a water bomb: KMSS critisised lower hydro eletricity project
নামনি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ জলবোমাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

জোনাই, 29 মে': ধেমাজি জিলা গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অতি সংগোপনে অব্যাহত ৰখাৰ মাজতে পোহৰলৈ আহিছে প্ৰকল্প নিৰ্মাণ কৰি থকা গেৰুকামুখত চপৰা-চপৰে পাহাৰ খহি সৃষ্টি হোৱা তীব্ৰ ভূমিস্খলনৰ ঘটনা । মূল বান্ধলৈ যোৱা পথত প্ৰকাণ্ড ফাঁট মেলাৰ লগতে নামনি অংশত পানীয়ে ভয়ংকৰ ক্ষতিগ্ৰস্ত কৰাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। যাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গোগামুখ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিষয়টি প্ৰত্যক্ষ কৰি সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি, প্ৰকল্পস্থলীৰ লগতে গোগামুখৰ বিভিন্ন অঞ্চলত হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলাৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাই সংবাদ মাধ্যমক উল্লেখ কৰা অনুসৰি- বিগত ২০১১ বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন বৃহৎ নদী বান্ধবিৰোধী দল- সংগঠনৰ প্ৰতিবাদত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সামৰিকভাৱে বন্ধ হৈ আছিল ৷ ইয়াৰ মাজতে ২০১৪ চনত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দ'ল সংগঠনৰ সৈতে এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল ৷ উক্ত বৈঠকত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দল- সংগঠনক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰি অতি সংগোপনে বৃহৎ নদী বান্ধৰ কাম চলাই নিছিল ।

নামনি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ জলবোমাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

উল্লেখ্য যে গেৰুকামুখৰ পাহাৰখন বিশেষজ্ঞৰ কমিটীৰ প্ৰতিবেদনত অতি ঠুনুকা বুলি কোৱাৰ পিছতো প্ৰকল্পৰ নামনি অংশৰ ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি সৰ্বানন্দ সোণোৱাল চৰকাৰে অকণো গুৰুত্ব প্ৰদান কৰা নাই ৷ বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা পাহাৰখন ভূমিকম্প সংবেদনশীল। তৎসত্ত্বেও বহিৰাগত বণিয়াৰ স্বাৰ্থত এন এইচ পি চি বৃহৎ নদী বান্ধৰ কাম ২০১৪ চনৰ পৰা আজিপৰ্যন্ত অসমৰ ৰাইজক অন্ধকাৰত ৰাখি নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰখনে অব্যাহত ৰাখিছিল ৷ কিন্তু ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ‌ওঁতে এতিয়া খহিছে চপৰা-চপৰে পাহাৰ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত উল্লেখ কৰা মতে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ জলবোমা ৷ যিটো জলবোমা বিস্ফোৰণ হ'লে যিকোনো মূহুৰ্তে অসমৰ মানচিত্ৰ পৰা নিশ্চিহ্ন হ'ব ধেমাজি, লখিমপুৰ, ঢকুৱাখনা আৰু মাজুলী ৷

নামনি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ জলবোমাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

যাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সৰ্বানন্দ সোণোৱালক অতীতক সোঁৱৰাই বিজেপি দলৰ যি বৃহৎ নদী বান্ধ বিৰোধী প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ধেমাজি, লখিমপুৰ, ঢকুৱাখনা আৰু মাজুলীক সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে। কিয়নো বুধবাৰৰ এজাক বৰষুণতে গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প স্থলিত যি ভূমিস্খলন হৈ নামনি অংশত যি হাহাকাৰময় পৰিস্থিতি সৃষ্টি কৰিলে তাৰ পৰা সহজে অনুমেয় যে এই বৃহৎ নদী বান্ধৰ ফল ধেমাজি, লখিমপুৰ, ঢকুৱাখনা আৰু মাজুলী এদিন মৰুভূমিলৈ ৰূপান্তৰিত হ'ব।

লগতে পঢ়কঃ "আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details