ধেমাজি , 7 জুলাই : নিৰ্মিয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজ ৷ মঙলবাৰে ধেমাজিৰ ৰাজপথত আছুৱে চোচঁৰাই নি দাহ কৰে NHPC কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৷
ধেমাজিত আছুৰ ব্যাপক প্ৰতিবাদ সম্প্ৰতি সান্ধ্য আইনৰ সুবিধা লৈ বলপূৰ্ব্বকভাৱে এনএইচপিচিয়ে গেৰুকামুখলৈ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই মংগলবাৰে আছুৰ কাৰ্যালয়ৰ পৰা নগৰৰ মাজেৰে চোচৰাই আনে এনএইচপিচি আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ।
ধেমাজিত NHPC আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ইয়াৰ পিছত ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশ লৈ ধেমাজি জিলা আছুৰ সভাপতি দিপক শমাই কয় যে, বিশেষজ্ঞৰ পৰামৰ্শ আৰু ন্যায়ালয়ৰ পৰামৰ্শ আওকান কৰি লক্ ডাউন তথা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি এনএইচপিচি য়ে গেৰুকামুখলৈ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিছে ৷ সেয়ে এই ক্ষেত্ৰত দল সংগঠন আাৰু ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিছে ৷
পৰৱৰ্তী সময়ত ৰাইজ আৰু দল সংগঠনে প্ৰতিবাদ কৰিবলৈ লক্ ডাউন ভংগ কৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে ইয়াৰ বাবে চৰকাৰ আৰু এনএইচপিচি কৰ্তৃপক্ষই জগৰীয়া হ'ব বুলি মন্তব্য কৰে জিলা সভাপতিগৰাকীয়ে ৷