লখিমপুৰ,৩১ জুলাই: ধেমাজি জিলাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কুমটীয়া জীয়াধল নদীয়ে । নদীৰ প্ৰৱল সোতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ দলঙলৈ ভাবুকি কঢ়িয়াই আনিছে । যাৰবাবে জিলা প্ৰশাসনে বিপদৰ আশংকা কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেওবাৰৰ পৰা যাতায়াত বন্ধ কৰি দিছে ।
ফলত পূৱাৰে পৰা বন্ধ হৈ পৰিছে লক্ষীমপুৰ ধেমাজি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ । অৰুণাচলত হোৱা মূষলধাৰ বৰষুণৰ ফলত ধেমাজিৰ চকুলো জীয়াঢল কুমটীয়াৰ জলস্তৰ বৃদ্ধি পাইছে(Increase in water level of Jiyadhal Kumtia River) । ফলত লক্ষীমপুৰ-ধেমাজি সংযোগী একমাত্ৰ দলঙলৈ ভাবুকি আহিছে(Threat to national highway bridge) । প্ৰশাসনে সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ কৰি দিয়াৰ ফলত শ শ যান বাহন আৱদ্ধ হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ।