ধেমাজি, 18 মে': কোৱাৰেন্টাইন কেন্দ্ৰলৈ পৰিণত হ'ল উদ্ধোধনৰ অপেক্ষাত থকা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় । চলিত বৰ্ষতে মুকলি হোৱাৰ কথা আছিল বহু প্ৰতীক্ষিত কাৰিকৰী উচ্চ শিক্ষাৰ কাৰিকৰী প্ৰতিষ্ঠানখন ৷ কিন্তু বৰ্তমান দেশজুৰি ক'ৰণা মহামাৰীয়ে অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰাত বহিঃৰাজ্যৰ পৰা প্ৰত্যাৱৰ্তন কৰা লোকসকলক কোৱাৰেন্টাইন কৰাৰ বাবে মহাবিদ্যালয় খনত স্থাপন কৰা হৈছে কোৱাৰেন্টাইন কেন্দ্ৰ ৷ জিলা প্ৰশাসনৰ তত্ত্বাৱধানত ইতিমধ্যেই কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে নৱ নিৰ্মিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷
কোৱাৰেন্টাইন কেন্দ্ৰলৈ পৰিণত ধেমাজিৰ নৱনিৰ্মিত অভিযান্ত্ৰিক মহাবিদ্যালয় - engineering college convert to quarantine centre in Dhemaji
বৰ্তমান দেশজুৰি ক'ৰণা মহামাৰীয়ে অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰাত বহিঃৰাজ্যৰ পৰা প্ৰত্যাৱৰ্তন কৰা লোকসকলক কোৱাৰেন্টাইন কৰাৰ বাবে মহাবিদ্যালয় খনত স্থাপন কৰা হৈছে কোৱাৰেন্টাইন কেন্দ্ৰ ৷
কেন্দ্ৰটোৰ পৰিচালনা কৰাৰ দায়িত্বত থকা নৰ্ডেল বিষয়া নবীন কলিতাই জনোৱা মতে দেওবাৰে মহাবিদ্যালয়খনত উপস্থিত হৈ কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে ধেমাজিৰ বিধায়ক ৰণোজ পেগু, জিলা উপায়ুক্ত, জিলা স্বাস্থ্য বিষয়াসকলে ৷ দেওবাৰে 6 গৰাকী মহিলাসহ 79 গৰাকী লোকক কোৱাৰেন্টাইনৰ বাবে ৰখা হয় কেন্দ্ৰটোত ৷ একেদৰে সোমবাৰে পুৱাভাগত ত্ৰিপুৰাৰ পৰা এখন বিশেষ বাছেৰে আহে 14 গৰাকী লোকক ভৰ্তি কৰোৱা হয় কেন্দ্ৰটোত ৷ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলক যথোপযুক্ত সুবিধা দি পৰীক্ষা কৰি কোৱাৰেন্টাইন কৰা হৈছে বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ৷
TAGGED:
ধেমাজিৰ বিধায়ক ৰণোজ পেগু