অসম

assam

By

Published : May 29, 2020, 11:38 AM IST

ETV Bharat / state

জোনাইৰ বান বিধ্বস্ত অঞ্চলত হাহাকাৰ : গড়কাপ্তানি বিভাগৰ চূড়ান্ত অৱহেলা

গড়কাপ্তানি পথ বিভাগৰ অকৰ্মণ্যতাৰ বাবে যোৱা তিনি বছৰৰ পূৰ্বে লালী আৰু বুঢ়ীসূঁতি নদীৰ বানত বিধ্বস্ত বৰং এৰাসূঁতি পকী কালভাৰ্টটো আজিও পুনৰ নিৰ্মাণৰ কাম হাতত ন'ললে । ২০১৭ চনৰ বাৰিষাতে নদী দুখনৰ বাঢ়নী পানীয়ে চৰাইবাৰী লাইমেকুৰী টাক' সংযোগী পথত থকা বৰং এৰাসূঁতি পকী কালভাৰ্টটো সম্পূৰ্ণ বিধ্বস্ত কৰি পেলোৱাৰ ফলত অঞ্চলৰ ৰাইজৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ৷

Negligence of the PWD  at jonai
গড়কাপ্তানি বিভাগৰ চূড়ান্ত অৱহেলা

জোনাই,29মে': কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যবাসী সমানে মুখামুখি হ'ব লগা হৈছে বানৰ আতংকৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিৰ জোনাইৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ কাৰণ বাৰিষাৰ আগমনৰ লগে লগে অঞ্চলটোত বিধ্বস্ত হৈ পৰে যাতায়ত ব্যৱস্থা ৷ চৰকাৰ আৰু গড়কাপ্তানি বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইমেকুৰী, গালী চিকাৰীৰ বৃহত্তৰ বৰং অঞ্চলৰ যাতায়ত ব্যৱস্থা আজিও জৰাজীৰ্ণ ।

জোনাইৰ বান বিধ্বস্ত অঞ্চলত হাহাকাৰঃগড়কাপ্তানি বিভাগৰ চূড়ান্ত অৱহেলা

জানিব পৰা মতে, গড়কাপ্তানি পথ বিভাগৰ অকৰ্মণ্যতাৰ বাবে যোৱা তিনি বছৰৰ পূৰ্বে লালী আৰু বুঢ়ীসূঁতি নদীৰ বানত বিধ্বস্ত বৰং এৰাসূঁতি পকী কালভাৰ্টটো আজিও পুনৰ নিৰ্মাণৰ কাম হাতত ন'ললে । ২০১৭ চনৰ বাৰিষাতে নদী দুখনৰ বাঢ়নী পানীয়ে চৰাইবাৰী লাইমেকুৰী টাক' সংযোগী পথত থকা বৰং এৰাসূঁতি পকী কালভাৰ্টটো সম্পূৰ্ণ বিধ্বস্ত কৰি পেলোৱাৰ ফলত অঞ্চলৰ ৰাইজৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ৷ ইয়াৰ পিছত ২০১৮-১৯বিত্তীয় বৰ্ষত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিয়ে যদিও চাৰিচকীয়া যানবাহন চলাচলত অসুবিধা হৈছিল । সম্প্ৰতি বাঁহৰ দলঙখনৰো অৱস্থা জৰাজীৰ্ণ হৈ পৰাত সৰ্বসাধাৰণ ৰাইজৰ যাতায়াতত যথেষ্ট হাৰাশাস্তি হ'বলগীয়া হৈছে । আনহাতে একেটা পথত থকা মধ্যপুৰ পকী দলঙৰ দুয়োমূৰত দীৰ্ঘ দিন ধৰি মাটি জহি-খহি যোৱাত দুচকীয়া বাহনৰ বাদে আন যানবাহনৰ চলাচল বন্ধ হৈ পৰিছে । উল্লেখ্য যে, বৰংবাসী ৰাইজে শৈক্ষিক, ব্যৱসায়-বাণিজ্য, বেংক, পঞ্চায়তকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাম-কাজৰ বাবে লাইমেকুৰীলৈ দৈনন্দিন আহ-যাহ কৰিব লগা হয় । কিন্তু বৰং অঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত লাইমেকুৰী টাক' চৰাইবাৰী সংযোগী পথৰ দুৰৱস্থাই দীৰ্ঘ বছৰ ধৰি ৰাইজক জ্বলাকলা খুৱাই অহাটোৱে চৰকাৰৰ গড়কাপ্তানি বিভাগৰ চূড়ান্ত অৱহেলাৰ প্ৰতিপন্ন কৰিছে বুলি ভুক্তভোগী ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃবিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details