ধেমাজি, 31 অক্টোবৰ: লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো আজি দেশৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হয়(National unity day 2022)। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে জিলাখনৰ এশখন বিদ্যালয়ত পুৱা ৭ বজাতে একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়(National unity day celebrated in Dhemaji)।
কেন্দ্ৰীয়ভাৱে মৰিঢল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংসদ প্ৰদান বৰুৱাই কয় যে, ভাৰতবৰ্ষখনক এখন বিশাল ঐক্যবদ্ধ স্বতন্ত্ৰ দেশ হিচাপে গঢ়ি তোলাত চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদান আছিল অপৰিসীম(Sarder ballavbhai petel birth anniversary)।
সেইবাবে স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে তেখেতৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে । এইক্ষেত্ৰত উঠি অহা চেমনীয়া, যুৱক-যুৱতীসকলক অধিক জড়িত কৰাৰ লক্ষ্যৰে এইবাৰ বিদ্যালয়সমূহত এই দিৱস পাতিবলৈ লোৱা হৈছে বুলি জানিবলৈ দি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবেও নিয়মীয়াকৈ দৌৰা আৰু খোজকঢ়াৰ অভ্যাস অব্যাহত ৰাখিবলৈ আহ্বান জনায় সাংসদ প্ৰদান বৰুৱাই( MP Pradan Baruah)।