অসম

assam

ETV Bharat / state

ধেমাজিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - জীয়াঢল নদীৰ মথাউৰি

বৃহস্পতিবাৰে ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নদীৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ দাবীত জিলা খনৰ শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অৱৰোধ কৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰতিবছৰে বানপানী সমস্যাৰ সন্মুখীন হৈ অহা জিলাখনৰ প্ৰতি কোনো গুৰুত্ব নাই জলসম্পদ বিভাগ তথা চৰকাৰৰ ৷ জলসম্পদ বিভাগৰ অকৰ্মণ্যতা আৰু জনপ্ৰতিনিধিৰ নিকৃষ্ট ৰাজনীতিৰ ভুৱা প্ৰতিশ্ৰুতিত ক্ষোভিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

National Highway blocked for construction of Dhemji embankment
ধেমাজিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

By

Published : Jan 7, 2021, 3:33 PM IST

ধেমাজি, 7 জানুৱাৰী: প্ৰতিবাৰে বাৰিষাৰ বানে সংহাৰী ৰূপ ধাৰণ কৰা ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নদীৰ মথাউৰি নিৰ্মাণৰ দাবীত জিলা খনৰ শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অৱৰোধ কৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ চৰকাৰে প্ৰতি বছৰে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও কামত কিন্তু সকলো ফালে শূ্ণ্য ৷ জীয়াঢল নদীৰ মথাউৰিৰ উন্মুক্ত হৈ থকাৰ বাবে প্ৰতিবছৰে বানপানী সমস্যাৰ সন্মুখীন হৈ আহিছে জিলাবাসী ৷ বাৰে বাৰে জলসম্পদ বিভাগ আৰু চৰকাৰক মথাউৰি নিৰ্মাণৰ বাবে অনুৰোধ কৰি আহিছে যদিও কোনো গুৰুত্ব নাই জিলা খনৰ প্ৰতি ৷ সেয়েহে বৃহস্পতিবাৰে জীয়াঢল বান প্ৰতিৰোধ ঐক্য মঞ্চৰ আহ্বানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে ৷

ধেমাজিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

উল্লেখ্য যে,জীয়াঢল নদীৰ বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে মথাউৰি নিৰ্মাণ কৰক,জলসম্পদ বিভাগ হায় হায়,আমাক জীয়াই থকা অধিকাৰ দিয়ক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ জলসম্পদ বিভাগৰ অকৰ্মণ্যতা আৰু জনপ্ৰতিনিধিৰ নিকৃষ্ট ৰাজনীতিৰ ভুৱা প্ৰতিশ্ৰুতিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ সষ্টম হৈ থকা বিশাল আৰক্ষী বাহিনীকো সমালোচনা কৰে বন্যাৰ্তই ৷ ইফালে কেইবাঘণ্টা ধৰি ঘাইপথ অৱৰোধ কৰাৰ ফলত লখিমপুৰ ডিব্ৰুগড় অভিমুখী আৰু ধেমাজি ডিব্ৰুগড় পৰা লক্ষীমপুৰ অভিমুখী যানবাহনৰ চলাচলত ব্যাপক সমস্যাৰ উদ্ভৱ হয় ৷

লগতে পঢ়ক:জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ

ABOUT THE AUTHOR

...view details