জোনাই,৫ আগষ্ট:'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে(Har Ghar Tiranga Programme in Jonai) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । প্ৰতিটো প্ৰান্ততে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ । অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷
এই কাৰ্যসূচী সফল ৰূপায়ন আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে অসম ৰাজ্যিক গ্ৰামীণ মিচন, মূৰ্কংচেলেক খণ্ডই ৷ এই অভিযানৰ অংশ হিচাপে জোনাই মহকুমাৰ প্ৰতিখন পঞ্চায়তৰ বিভিন্ন অঞ্চলত এটা এটাকৈ মুঠ ১৯ টা সুলভ মূল্যৰ ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে ৷ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত এটা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ মুকলি কৰে জোনাই মহকুমাধিপতি প্ৰদিপ কুমাৰ দ্বিৱেদীয়ে ৷