জোনাই,3 নৱেম্বৰ: নাথ যোগী জনগোষ্ঠীয় অনুষ্ঠানবোৰ শক্তিশালীভাৱে পুনৰ গঠনৰ বাবে সোমবাৰে চিলাপথাৰত মিলিত হ'ল নাথ যোগী জনগোষ্ঠীৰ কেইবাখনো সমিতিৰ নেতৃত্ব ৷ সোমবাৰে ধেমাজি জিলা নাথ যোগী সন্মিলনীৰ উদ্যোগত ৮ নং ৱাৰ্ডৰ কালীবাৰী মন্দিৰত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷ নাথ যোগী সন্মিলনীৰ ধেমাজি জিলাৰ সভাপতি কুশল নাথৰ সভাপতিত্বত সম্পাদক সজল নাথে আঁতধৰা আৰু ধেমাজি জিলা নাথ যোগী যুৱ সন্মিলনৰ সভাপতি সঞ্জয় নাথে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত দুই শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷
নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি গঠন - নাথ যোগী যুৱ সন্মিলন
চিলাপথাৰত একত্ৰিত হ'ল নাথ যোগী জনগোষ্ঠীৰ কেইবাখনো সমিতিৰ নেতৃত্ব ৷ জনগোষ্ঠীটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি সমস্যা সমাধানৰ বাবে সময়োচিত পদক্ষেপলৈ ঐক্যবদ্ধ হ'বলৈ আহ্বান জনগোষ্ঠীটোৰ নেতৃত্বৰ ৷
![নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি গঠন nath yogi student union of Dhemaji](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9411004-thumbnail-3x2-hh.jpg)
নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে কয় যে,সম্প্ৰতি বিভিন্ন সমস্যাৰ গৰাহত আছে ৰাজ্যখনৰ নাথ যোগী সকল ৷ এনে সময়ত ৰাইজক একত্ৰিত হৈ জনগোষ্ঠীটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি সমস্যা সমাধানৰ বাবে সময়োচিত পদক্ষেপ নল'লে সুদিন অহাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰি সকলোকে ঐক্যবদ্ধ হ'বলৈ আহ্বান জনাই ৷ সভাত সৰ্বসন্মতি ক্ৰমে লক্ষীকান্ত নাথক সভিপতি আৰু প্ৰসন্ন নাথক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি গঠন কৰে ৷
লগতে পঢ়ক: নগাঁৱৰ শেনচুৱাত চোৰৰ সন্ত্ৰাস,বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ