ধেমাজি, 16 নৱেম্বৰ :ধেমাজি জিলাৰ এখন বিশেষ চৰকাৰী বিদ্যালয় ৷ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশে আকৰ্ষিত কৰি আহিছে ছাত্ৰ-ছাত্ৰীকে ধৰি সকলোকে ৷ কি শ্ৰেণীকোঠা, কি শ্ৰেণীকোঠাৰ বাহিৰৰ পৰিৱেশ ৷ হাজাৰখন বেচৰকাৰী বিদ্যালয়ক ফেৰ মাৰিব পৰা গুণ আছে এই বিশেষ বিদ্যালয়খনৰ ৷
আমি উল্লেখ কৰা এই বিশেষ বিদ্যালয়খন হৈছে ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ ধেমাজিৰ নলনিপাম প্ৰাথমিক বিদ্যালয় ৷ যি সময়ত ৰাজ্যত এখনৰ পিছত আনখন চৰকাৰী খণ্ডৰ বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হ’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়ত ধেমাজিৰ এইখন চৰকাৰী বিদ্যালয়ে বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে ৷
১৮৮৪ চনতে স্থাপন হোৱা এই বিদ্যালয়খনত অধ্যয়ন কৰি শিক্ষাৰ্থী সকলে একোগৰাকী সুনাগৰিক হোৱাৰ লগতে অলেখজনে দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিস্থিত হোৱাৰ লগতে সমাজত বটবৃক্ষৰ দৰে থিয় হ’বলৈ সক্ষম হৈছে বহুজন ৷ গৌৰৱৰ কথা এইয়ে যে, তাহানিৰ সেই মাতৃভাষাৰ বিদ্যালয়খন আজিও চৰকাৰী বিদ্যালয়ৰ দুৰ্দিনৰ সময়তো নিজৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈ আছে ৷ ইপিনে বিদ্যালয়খনৰ উত্তৰণৰ বাবে ধেমাজি জিলাৰ শিক্ষা বিভাগেও যথেষ্ট দিহা পৰামৰ্শ দি অহাৰ লগতে চৰকাৰী আচঁনি সমূহ সফল ৰূপত ৰূপায়ন কৰি আহিছে বিদ্যালয়ৰ কতৃপক্ষই ৷