অসম

assam

By

Published : Mar 9, 2023, 5:15 PM IST

ETV Bharat / state

Mustard farmers in Dhemaji : ধেমাজিৰ বান বিধ্বস্ত অঞ্চলত সৰিয়হ খেতি কৰি স্বপ্নভংগ কৃষকৰ

বানেধোৱা ধেমাজিত সৰিয়হৰ খেতি কৰি স্বপ্নভংগ হৈছে বহু কৃষকৰ ৷ কাৰণ বীজৰ অনুপাতে নাই সামগ্ৰীৰ উচিত মূল্য ৷ ফলত হাহাকাৰ অৱস্থা হৈছে বহু চহা কৃষক ৷ সেয়ে এই ক্ষেত্ৰত কৃষকৰ বাবে সুকীয়া বজাৰ সৃষ্টি কৰিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ চহা কৃষকে ৷

Mustard farmer facing problems in Dhemaji
পথাৰত শুকাই গৈছে সঁৰিয়হ গছ

বজাৰত নাই সঁৰিয়হৰ উচিত দাম

ধেমাজি, 9 মাৰ্চ :ৰাজ্যত এফালে এতিয়া খৰাং বতৰ ৷ আনফালে পৰ্যাপ্ত বজাৰৰ অভাৱত মূৰে-কঁপালে হাত দিবলগীয়া অৱস্থা হৈছে ৰাজ্যৰ একাংশ চহা কৃষকে ৷ সৰিয়হৰ খেতি কৰি এতিয়া সঁৰিয়হ ফুল দেখিছে ধেমাজিৰ বহু চহা কৃষকে (Mustard farmers in Dhemaji) ৷

ধেমাজি জীয়াঢল নদীৰ বিভিন্ন দাঁতিকাষৰীয়া বানাক্ৰান্ত অঞ্চলৰ কৃষকে শালি খেতিৰ পৰিৱৰ্তে সৰিয়হ খেতি কৰিছিল ৷ বিশেষকৈ ধেমাজি জীয়াঢল নদীৰ দাঁতিকাষৰীয়া বৰদলনি অঞ্চলৰ ভকত গাঁৱৰ বৃহত্তৰ পথাৰত অঞ্চলটোৰ ভকত কৈৱৰ্ত গাঁৱৰ ৰামচন্দ্ৰ দাস, পৰেশ দাসকে ধৰি বহুকেইটা পৰিয়ালে কৰিছিল এই সৰিয়হ খেতি ৷

চৰকাৰৰ কৃষি বিভাগৰ কোনো সাহাৰ্য অবিহনেই কৃষকসকলে গাঁঠিৰ ধন ভাঙি আৰু শাৰীৰিক শ্ৰম কৰি যোৱা বছৰৰ আহিন-কাতি মাহত সৰিয়হৰ বীজ সিঁচিছিল ৷ প্ৰথম অৱস্থাত লহপহকৈ বাঢ়ি অহা সৰিয়হৰ হালধীয়া ফুল দেখি প্ৰাপ্তিৰ আনন্দত কৃষকৰ মন নাচি উঠিছিল (Farmers expect satisfactory mustard seed) ৷ কিন্তু এতিয়া সৰিয়হ তোলাৰ বতৰত কৃষক মন বিষাদেৰে ভৰি পৰিছে ৷ কাৰণ খৰাং আৰু শেহতীয়া শিলাবৃষ্টিয়ে কৃষকৰ স্বপ্ন ভংগ কৰিলে ৷

কাৰোবাৰ যদি সৰিয়হ উৎপাদন হ্ৰাস হৈছে, আন কাৰোবাৰ পথাৰত শুকাই গৈছে সৰিয়হ গছবোৰ ৷ আনহাতে, সৰিয়হ তোলা আৰু বজাৰত বিক্ৰী কৰাৰ সময়তে হুৰাহুৰে হ্ৰাস পাইছে সৰিয়হৰ মূল্য (Mustard farmer facing problems in Dhemaji) ৷

দুদিনমানৰ পূৰ্বে প্ৰতি কুইন্টল সৰিয়হৰ মূল্য 6000 টকাৰ পৰা হ্ৰাস পাই 3800-3500 টকা পৰ্যন্ত হৈছে গৈ । যাৰ ফলস্বৰূপে কৃষকে খৰচৰ অনুপাতে উচিত মূল্যৰ নোপোৱাৰ আশংকাত মূৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে ধেমাজিৰ কেইবাগৰাকীও কৃষকে ৷

সংবাদ মাধ্যমৰ আগত কৃষকে উল্লেখ কৰা অনুসৰি, সৰিয়হৰ বীজ অনাৰ পৰা টেক্টৰে হালবাই প্ৰতি বিঘাত যথেষ্ট টকা খৰচ কৰিছিল তেওঁলোকে ৷ কিন্তু বজাৰত নাই পণ্যসামগ্ৰীৰ উচিত মূল্য ৷ কাৰণ মূল্য নিৰ্ধাৰণ ব্যৱসায়ীসকলেহে ৷ ফলত কৃষকে পথাৰত যিকোনো বীজ উৎপাদন কৰিলেও উচিত মূল্য নাপায় ৷

এইক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈয়ো তীব্ৰ সমালোচনা কৰে একাংশ কৃষকে ৷ সেয়ে চৰকাৰক কৃষকৰ বাবে এখন সুকীয়া বজাৰ সৃষ্টি কৰিবলৈ দাবী জনাইছে ধেমাজি জীয়াঢল নদীৰ দাঁতিকাষৰীয়া বৰদলনি অঞ্চলৰ ভকত গাঁৱৰ চহা কৃষকসকলে ৷

লগতে পঢ়ক :Rainfall decreases in Assam: ৰাজ্যত হ্ৰাস বৰষুণৰ মাত্ৰা, চিন্তিত কৃষক

ABOUT THE AUTHOR

...view details