অসম

assam

ধেমাজিত সৰিয়হ খেতিৰে স্বাৱলম্বী বহুজন

By

Published : Dec 23, 2020, 12:10 PM IST

Updated : Dec 23, 2020, 12:37 PM IST

হালধীয়া সৰিয়হৰ অভূতপূৰ্ব নান্দনিক দৃশ্যই মুগ্ধ কৰিছে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ ধেমাজিৰ সৰিয়হ উৎপাদনৰ বাবে খ্যাত বৃহত্তৰ বঙালমাৰী পথাৰৰ শ শ হেক্টৰ ভূমি সৰিয়হ খেতিৰে এতিয়া নদন-বদন হৈ পৰিছে ৷ পূৰ্বৰ তুলনাত এইবাৰ উদ্যমী কৃষকৰ সংখ্যাও বাঢ়িছে ৷

mustard cultivation story of dhemaji
ধেমাজিত সৰিয়হ খেতিৰে স্বাৱলম্বী বহুজন

ধেমাজি,23ডিচেম্বৰঃহালধীয়া সৰিয়হৰ অভূতপূৰ্ব নান্দনিক দৃশ্যই মুগ্ধ কৰিছে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ ধেমাজিৰ সৰিয়হ উৎপাদনৰ বাবে খ্যাত বৃহত্তৰ বঙালমাৰী পথাৰৰ শ শ হেক্টৰ ভূমিও সৰিয়হ খেতিৰে এতিয়া নদন-বদন হৈ পৰিছে ৷ তদুপৰি বৃহত্তৰ বঙালমাৰী পথাৰৰ বাবে আশীবাৰ্দস্বৰূপ লেচিয়া নৈ।যিখন নৈয়ে বাৰিষা পথাৰত দি যায় প্ৰকৃতিৰ অনবদ্য পলস ৷ সেয়ে পূৰ্বৰ তুলনাত এইবাৰ উদ্যমী কৃষকৰ সংখ্যাও বাঢ়িছে ৷বঙালমাৰী গাঁৱৰ এজন প্ৰগতিশীল খেতিয়ক মহিন্দ্ৰ গোহাইয়ে জানিবলৈ দিয়া মতে, তেওঁ লেচিয়া নৈৰ পাৰৰ ২১০ বিঘা মাটিত সৰিয়হ খেতি কৰিছে ৷ ঠিক সেইদৰে সেইদৰে একে গাঁৱৰ সম্ভূ দিহিঙীয়া,ইন্দ্ৰেশ্বৰ বৰগোহাঁই ,থানেশ্বৰ পাটিৰ আদি কৃষকসকলেও প্ৰত্যেকেই এশ বিঘাৰ ওপৰত সৰিয়হ খেতি কৰাৰ লগতে ১০ বিঘাৰ ওপৰতে অন্যান্য নিবনুৱা কৃষকসকলে সৰিয়হ খেতি কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰিছে ৷ উল্লেখ্য যে,সৰিয়হ খেতিৰ লগত জড়িত হৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীয়াই থকাৰ সম্বল লাভ কৰিছে বঙালমাৰী গাঁৱৰ শ শ পৰিয়ালে ৷

ইপিনে,বঙালমাৰী গাঁৱৰ পাৰ্শ্বৱতী অঞ্চলৰ নিবনুৱা কৃষকৰো আয়ৰ উৎস হৈ পৰিছে বৃহত্তৰ লেচিয়া আৰু বঙালমাৰী পথাৰৰ সৰিয়হ খেতি ৷আনহাতে কৃষকসকলে অভিযোগ, বৃহত্তৰ অঞ্চলটোত প্ৰতিবছৰে হাজাৰ হাজাৰ কুইন্টল সৰিয়হ উৎপাদন হৈ আহিছে যদিও এইক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে আজিপৰ্যন্ত সুদৃষ্টি দিয়া নাই ৷শ শ কৃষক পৰিয়ালে টেক্টৰ তথা আওপুৰণি পদ্ধতিৰে সৰিয়হ উৎপাদন কৰি আহিছে ৷যাৰ বাবে বিভিন্ন সময়ত বহু আহুকালৰ সন্মুখীন হ'বলগীয়া হয় কৃষকসকল ৷সেয়ে অঞ্চলটোত আধুনিক বৈজ্ঞানিক পদ্ধতিৰ ব্যৱস্থা কৰি দিবলৈ ইটিভি ভাৰতৰ জৰিয়তে চৰকাৰক দাবী জনায় ঠিক একেদৰে বানপানী হোৱা ঠাইত বিকল্প কৃষি হিচাপে লৈ সৰিয়হ খেতিক কেন্দ্ৰ কৰি সম্ভাৱনাপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠা কৰি চৰকাৰে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায় কৃষকসকলে ৷

লগতে পঢ়কঃনগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

Last Updated : Dec 23, 2020, 12:37 PM IST

ABOUT THE AUTHOR

...view details