অসম

assam

ETV Bharat / state

মুৰ্কংচেলেক ৰে’ল আস্থানত তিনিখনকৈ আঁচনিৰ উদ্বোধন - মুৰ্কংচেলেক ৰে’ল আস্থানত তিনিখনকৈ আঁচনিৰ উদ্বোধন

অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ মূৰ্কংচেলেক ৰে'ল আস্থানত উদ্বোধন তিনিখনকৈ জনমুখী আঁচনিৰ ৷ দেওবাৰে উক্ত আঁচনিসমূহ উদ্বোধন কৰে মালিগাঁও মাণ্ডলিক ৰে’লৱে কাৰ্যালয়ৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ে ৷ তেখেতে এখন বিশেষ ৰে’লেৰে মুৰ্কংচেলেকত উপস্থিত হয় ৷

Murkongselek railway station project inauguration
মুৰ্কংচেলেক ৰে’ল আস্থানত তিনিখনকৈ আঁচনিৰ উদ্বোধন

By

Published : Dec 29, 2019, 10:00 PM IST

মুৰ্কংচেলেক, 29 ডিচেম্বৰঃঅসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ মূৰ্কংচেলেক ৰে'ল আস্থানত উদ্বোধন কৰা হয় তিনিখনকৈ জনমুখী আঁচনিৰ ৷ দেওবাৰে উক্ত আঁচনিসমূহ উদ্বোধন কৰে মালিগাঁও মাণ্ডলিক ৰে’লৱে কাৰ্যালয়ৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ে ৷ এখন বিশেষ ৰে’লেৰে মুৰ্কংচেলেকত উপস্থিত হয় ৰে’লৱে মহাপ্ৰৱন্ধক গৰাকী ৷ তাৰ পৰা তেখেতক মিচিং কৃষ্টি দলে আদৰণি জনায় ৷ মালিগাঁও মাণ্ডলিক মহাপ্ৰৱন্ধক গৰাকীয়ে ৰে’ল বিভাগে নিৰ্মান কৰা গেংমেন কাৰ্যালয়, জিৰণি গৃহৰ লগতে ৰে’ল আস্থানৰ সমীপৰ শিশু উদ্যানখনৰো শুভ উদ্বোধন কৰে ৷

মালিগাঁও মাণ্ডলিক ৰে’লৱে কাৰ্যালয়ৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ক সম্বৰ্ধনা
মিচিং কৃষ্টি দলৰ অনুষ্ঠান

আনহাতে, ৰে’ল বিভাগে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা বিষয়ৰ সমাধান বিচাৰি মুৰ্কংচেলেক ভূমি সুৰক্ষা সমিতিৰ তৰফৰ পৰা মাণ্ডলিক মহাপ্ৰৱন্ধক গৰাকীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ৷ বিষয়টো সম্পৰ্কত ৰে'ল কৰ্তৃপক্ষৰ মাজত আলোচনা চলি থকা বুলি মূৰ্কংচেলেক ভূমি সুৰক্ষা সমিতিৰ সভাপতি সূৰ্য্য বসুমতাৰী আৰু উপ সভাপতি হাফিজ চোহৰাবক জানিবলৈ দিয়ে শীৰ্ষ ৰে'ল বিষয়াগৰাকীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰে'ল বিভাগৰ ৰঙিয়া মাণ্ডলিক কাৰ্যালয়ৰ মহাপ্ৰবন্ধক ভি এ মালেঙ্গাকাৰ লগতে কেবাগৰাকী বিষয়া ৷

লগতে পঢ়ক-নতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিবঃ সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details