জোনাই, ২৪ অক্টোবৰ: ব্ৰহ্মপুত্ৰৰ ৰামসিং চাপৰিৰ গো-পালকক হত্যা আৰু ধন দাবীৰ ঘটনাত জড়িত টিএমপিকেৰ দুজন নেতাই বৃহস্পতিবাৰে আত্মসমৰ্পন কৰিছে ৷ বুধবাৰে ধেমাজি আৰক্ষীৰ সহযোগত ডিব্ৰুগড় আৰক্ষীয়ে জোনাই আৰু গোগামুখৰ পৰা টিএমপিকেৰ নেতাসহ ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত বৰং পিপগুৰি গাঁৱৰ হীৰেন দলে (২৭) আৰু মনেশ্বৰ পেগু (২৫)য়ে জোনাই আৰক্ষী থানাত আত্মসমৰ্পন কৰিছে ৷ ডিব্ৰুগড় সদৰ থানাৰ ১৭৫৭/১৯ নম্বৰৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি ধাৰা ১২০(বি)/১৪৩/৪৩৬/৩২৬/৩০৭/৩০২ নম্বৰত ৰুজু হোৱা গোচৰত দুয়োজনকে গ্ৰেপ্তাৰ কৰা হয় ৷ উল্লেখ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ভোলানাথ মিলি, বৃকুধৰ দলে, ৰঞ্জন কুলি, যতীন্দ্ৰ পাদুন, জয়ন্ত টায়ে হৈছে টিএমপিকেৰ আঞ্চলিক সমিতিৰ সৈতে জড়িত ৷ জানিব পৰা মতে ১৯ অক্টোবৰত সংঘটিত হোৱা ঘটনাত টিএমপিকে জড়িত হোৱা প্ৰচাৰ হোৱাৰ পিচতে টিএমপিকে, এমএমকে আদি সংগঠনৰ নেতা কৰ্মীসকলে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কৰাৰ কথা দাবী কৰিছে ৷
জোনাইত গো-পালকৰ হত্যাকাৰী দুজনৰ আত্মসমৰ্পণ - ডিব্ৰুগড় আৰক্ষী
ৰামসিং চাপৰিৰ গো-পালকক হত্যা আৰু ধন দাবীৰ ঘটনা ৷ পোহৰলৈ আহিছে বহু নতুন তথ্য ৷
ইফালে বৃহস্পতিবাৰে হৰেন দলে আৰু মনেশ্বৰ পেগুৱে জোনাই সদৰ থানাত আত্মসমৰ্পন কৰি সংবাদ মাধ্যমৰ আগত ধন বিচাৰি পত্ৰ দিয়াৰ কথা স্বীকাৰ কৰিছে যদিও ঘৰ জ্বলোৱা আৰু হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত নহয় বুলি দাবী কৰিছে ৷ এম এম কেৰ বৰং আঞ্চলিক সমিতিৰ দায়িত্বত থকা দুই নেতাক আত্মসমৰ্পন কৰাৰ পিচতে সংবাদ মাধ্যমৰ আগত এম এম কেৰ নেতা মুক্তি পেগুৱে কয় যে- " টিএমপিকে গণতান্ত্ৰিক সংগঠন ৷ কোনো উগ্ৰপন্থী কাম কাজক বিশ্বাস নকৰে ৷ প্ৰথম অৱস্থাৰ পৰাই আমি এই ঘটনাত জড়িত দোষীক শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী জনাই আহিছোঁ ৷ সেইবাবে আমি আৰক্ষীক সহায় কৰিবৰ বাবে ওলাই আহিছোঁ ৷ বৰ্তমানলৈকে আমি পাঁচজন টিএমপিকেৰ কৰ্মীক আৰক্ষীক গতাই দিছোঁ ৷" উল্লেখ্য যে এই ঘটনাত আন কেইবাজনো লোক জড়িত থকাৰ কথা উল্লেখ কৰিছিল ঘটনাৰ তদন্তৰ দায়িত্বত থকা ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাই ৷ বৰ্তমানেও ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে ধেমাজি আৰক্ষীৰ সহযোগত দোষীক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷