জোনাই, ৮ নৱেম্বৰ :ৰাজ্যত আকৌ হত্যাকাণ্ড ৷ এইবাৰ জোনাইত সংঘটিত এটা হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ মঙলবাৰে পুৱতি নিশা জোনাইৰ উদয়পুৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় এজন ছাত্ৰৰ মৃতদেহ (Murder at Jonai) ৷ নৃশংসভাৱে হত্যা কৰি যুৱকজনক পেলাই থৈ যোৱা হৈছে বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ।
মৃত ছাত্ৰজন জোনাই জোনবৰ গাঁৱৰ কালিং ময়ং (১৮) বুলি জানিব পৰা গৈছে ৷ মৃত যুৱকজন হৈছে জোনাই লিচাং জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ৷ তথ্য অনুসৰি, কালিং ময়ঙে সোমবাৰে সন্ধিয়া ৰাস চোৱাৰ উদ্দেশ্যেৰে ঘৰৰ পৰা ওলাই গৈছিল ।
গোটেই নিশাটো ঘৰলৈ নহাত চিন্তিত হৈ পৰিছিল কালিঙৰ পৰিয়ালটো ৷ কিন্তু অতি ৰহস্যজনকভাৱে যোৱা নিশা প্ৰায় ১ বজাত জোনাইৰ উদয়পুৰৰ এটা ৰাস্তাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ (Brutally murdered a student at Jonai) ৷
লগতে পঢ়ক :Man kills wife: ৰূপহীহাটত স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক