অসম

assam

ETV Bharat / state

MP Pradan Baruah: নদী নিয়ন্ত্ৰণৰ দ্বাৰা বানমুক্ত কৰা হ’ব 9 টা সমষ্টি; সাংসদ প্ৰদান বৰুৱা - Assam Flood 2023

ধেমাজিত সাংসদ প্ৰদান বৰুৱাৰ সংবাদমেল ৷ সংবাদমেত চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ সন্দৰ্ভত ব্যক্ত কৰে ৷ নদীসমূহ নিয়ন্ত্ৰণৰ জৰিয়তে জোনাই, নাওঁবৈচা, লখিমপুৰ, ঢকুৱাখনা ইত্যাদি বানাক্ৰান্ত অঞ্চল বানমুক্ত কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে বুলি সদৰী কৰে ৷

MP Pradan Baruah in Dhemaji
নদী নিয়ন্ত্ৰণৰ দ্বাৰা বানমুক্ত কৰা হ’ব 9 টা সমষ্টি

By

Published : Aug 20, 2023, 8:17 PM IST

নদী নিয়ন্ত্ৰণৰ দ্বাৰা বানমুক্ত কৰা হ’ব 9 টা সমষ্টি

ধেমাজি,20 আগষ্ট: ধেমাজিত সাংসদ প্ৰদান বৰুৱাৰ সংবাদমেল ৷ দেওবাৰে ধেমাজি আৱৰ্ত ভৱনত সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে চৰকাৰে ৰূপায়ন কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা সদৰী কৰে ৷

সাংসদ প্ৰদানে ধেমাজি, জোনাই, লক্ষীমপুৰ, নাওবৈচা, ঢকুৱাখনা, শদিয়া, ডুমডুমা, চাবুৱা আদি বিধানসভা সমষ্টিত ৰূপায়ন হৈ থকা চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ কাম কাজ খতিয়ান দাঙি ধৰে ৷ লগতে আগন্তুক দিনৰ বাবে বিভিন্ন আচঁনিৰ পৰিকল্পনা প্ৰস্তুত কৰা বিষয়ে জানিবলৈ দিয়ে ৷

তেওঁ কয়, ’’কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে তিনিকোটি ৰেচন কাৰ্ড আৰু পাঁচ লাখ টকাৰ আয়ুস্মান কাৰ্ড ৷ বিগত বাজেটত আন্তঃগাঁথনিৰ বাবে আৱন্টন দিয়া ১০লাখ কোটি টকা ধাৰ্য কৰা মতে বিভিন্ন শিতানত কাম কাজ কৰা হৈছে ৷ অমৃত ষ্টেচন আঁচনিৰ অধীনত অসমৰ কেইবাটাও ৰে’ল ষ্টেচন আধুনিক ৰূপত গঢ় লৈ উঠিব ৷’’

তেওঁ লগতে কয়, ‘‘ডাব’ল ইঞ্জিন চৰকাৰে অসমতো কৰি আছে তীব্ৰগতিত উন্নয়নমূলক কাম-কাজ ৷ অমৃত ভাৰত ৰে’লৰ ষ্টেচনত অন্তভুৰ্ক্ত হ’ব ধেমাজি, চিলাপথাৰ মূৰ্কংচেলেক, লখিমপুৰ আৰু হাৰমতি ষ্টেচন ৷ ২০৪৭ ভিতৰত বিশ্ব তৃতীয় অৰ্থনৈতিক শক্তিশালী দেশ হিচাপে ভাৰতক ইতিমধ্যে গঢ় দিবলৈ প্ৰধানমন্ত্ৰীয়ে মোদী ডাঙৰীয়াই কাম কৰি আছে ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বাজেট প্ৰস্তত কৰিব পৰাকৈ কাম-কাজ কৰি আছে ৷ আজি ভাৰত অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত পঞ্চমস্থানত আছে ৷’’

আনহাতে অসমত বান আৰু গৰা খহনীয়াৰ সন্দৰ্ভত তেওঁ কয় যে নদীসমূহ নিয়ন্ত্ৰণৰ জৰিয়তে ধেমাজি, ডুমডুমা, শদিয়া, জোনাই, নাওঁবৈচা, লখিমপুৰ, ঢকুৱাখনা সমষ্টিৰ বৃহত্তৰ বানাক্ৰান্ত অঞ্চল বানমুক্ত কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে ৷ আগন্তুক দিনত অসমত বান নিয়ন্ত্ৰণৰ বাবে অধিক পুঁজি আৱন্টন দিব ৷

লগতে পঢ়ক:Road accident: ৰঙাজান দলঙৰ পৰা তললৈ বাগৰি পৰিল চাৰিচকীয়া বাহন; এজন আহত

ABOUT THE AUTHOR

...view details