অসম

assam

By

Published : Jan 4, 2020, 11:24 PM IST

ETV Bharat / state

সাংসদ প্ৰদান বৰুৱা গ'বেক ধ্বনিৰে উত্তাল ধেমাজি

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ সময়ত চৰকাৰে পাঁচ জনকৈ নিৰীহ ব্যক্তিক হত্যা কৰাৰ পিছত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডা° ৰণোজ পেগুৱে দলীয় একাংশ কৰ্মীক লগত লৈ নৱবৰ্ষত ভোজভাত খাই আনন্দত মতলীয়া হোৱা কাৰ্যক ধিক্কাৰ ধেমাজিৰ বিভিন্ন জাতীয় দল সংগঠনৰ ৷

সাংসদ প্ৰদান বৰুৱা গ'বেক ধ্বনিৰে উত্তাল ধেমাজি
সাংসদ প্ৰদান বৰুৱা গ'বেক ধ্বনিৰে উত্তাল ধেমাজি

ধেমাজি,৪ জানুৱাৰী : শনিবাৰে প্ৰদান বৰুৱা গ' বেক ধ্বনিৰে উত্তাল হ'ল ধেমাজি জিলা ৷ ক'লা পতাকা লৈ ধেমাজি আৱৰ্ত ভৱনৰ প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে আছু ,যুৱ ছাত্ৰ পৰিষদকে ধৰি আৰু অন্যান্য কা বিৰোধী দল সংগঠন সমূহে ৷ আৱৰ্ত ভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে দাহ কৰিলে প্ৰদান বৰুৱাৰ প্ৰতিকৃতি ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ সময়ত চৰকাৰে পাঁচ জনকৈ নিৰীহ ব্যক্তিক হত্যা কৰাৰ পিছত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডা° ৰণোজ পেগুৱে দলীয় একাংশ কৰ্মীক লগত লৈ নৱবৰ্ষত ভোজভাত খাই আনন্দত মতলীয়া হোৱা কাৰ্যক ধিক্কাৰ দিয়ে। সেয়ে তেওঁলোকৰ এই কাণ্ডত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠন সমূহে ৷

সাংসদ প্ৰদান বৰুৱা গ'বেক ধ্বনিৰে উত্তাল ধেমাজি

উল্লেখ্য যে শনিবাৰে আবেলি ধেমাজি আৰ্বত্ত ভৱনত সাংসদগৰাকীয়ে প্ৰৱেশ কৰা বিষয়ে গম পোৱাৰ পিছতে দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ফলত কেইবাঘণ্টা ধৰি আৱৰ্ত ভৱনৰ ভিতৰত আবদ্ধ হৈ পৰে সাংসদগৰাকী ৷ ইফালে প্ৰতিবাদী সংগঠন সমূহে দুয়োগৰাকী নেতাকে জিলাখনৰ গাঁও সমূহত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিব বুলিও জনায় ৷
লগতে চাওকঃযোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ

ABOUT THE AUTHOR

...view details