জোনাই, ৮ মাৰ্চ :বুধবাৰে পূব জোনাই বিজেপি মণ্ডল কমিটীৰ কাৰ্যালয় নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠিত হয় (Bhumi pujan of BJP office at Jonai) । ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে (MP Pradan Barua at jonai BJP office bhumi pujan) ।
ইয়াৰ উপৰি এই আধাৰশিলা স্থাপন তথা ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্যা ৰূপা কামান, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্ত আৰু পূব জোনাই বিজেপি মণ্ডল সমিতিৰ সভাপতি আদিত্য বৰুৱাৰ লগতে স্থানীয় বিজেপিৰ বহু নেতা-কৰ্মী (Jonai MLA Bhuban Pegu) ।
আনহাতে, এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি সাংসদ প্ৰদান বৰুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । বিশেষকৈ দুখীয়া আৰু বিধৱাসকলৰ কাৰণে চৰকাৰে আৱণ্টন দিয়া অৰুণোদয় আঁচনিৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ প্ৰদান বৰুৱাৰ । ইয়াৰ উপৰি মিছন বসুন্ধৰা 2.0 আঁচনিৰ (Mission Basundhara 2) জৰিয়তে জোনাইৰ জনজাতীয় খিলঞ্জীয়া সকলো ভূমিপুত্ৰ পৰিয়ালক ৮ বিঘাৰ পৰিৱৰ্তে ৫০ বিঘা পৰ্যন্ত মাটিৰ ম্যাদীপট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ প্ৰদান বৰুৱাই ।