অসম

assam

ETV Bharat / state

ধেমাজিত চাফাই কৰ্মী আৰু সংবাদ কৰ্মীক গামোচা পিন্ধাই সম্বৰ্ধনা সাংসদ বিধায়কৰ - mp, mla felicitate clean worker

ধেমাজিত নগৰ সমিতিৰ চাফাই কৰ্মীৰ মাজত সাহাৰ্য বিতৰণ ৷ চাফাই কৰ্মীসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনালে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰণোজ পেগুৱে ৷ চাফাই কৰ্মীসকলৰ লগতে সংবাদ কৰ্মীসকলকো সম্বৰ্ধনা জনালে দুয়োগৰাকী ৰাজনৈতিক নেতাই ৷

mp, mla felicitate clean worker at dhemaji
ধেমাজিত চাফাই কৰ্মীসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনালে সাংসদ আৰু বিধায়কে

By

Published : May 5, 2020, 5:17 PM IST

ধেমাজি , 5 মেঃদেশত কৰ'ণা মহামাৰীৰ সময়তো নিতৌ নগৰসমূহ পৰিস্কাৰ কৰাৰ দায়িত্ব পালন কৰি আহিছে চাফাই কৰ্মীসকলে । সেয়ে ধেমাজি নগৰ সমিতিৰ অধীনত কৰ্মৰত চাফাই কৰ্মীসকলক মঙলবাৰে ধেমাজি নগৰ সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগনত লখিমপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে গামোচা পিন্ধাই সম্বৰ্ধনা জনায় । লগতে তেওঁলোকৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ।

ধেমাজিত চাফাই কৰ্মীসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনালে সাংসদ আৰু বিধায়কে

কৰ'ণাৰ যুদ্ধত নগৰখন পৰিস্কাৰ কৰি ৰখা এইসকল কৰ্মীক ধন্যবাদ জনাই সাংসদগৰাকীয়ে । ইয়াৰ পিছতে ধেমাজি প্ৰেছ ক্লাৱলৈ আহি সদৰ প্ৰেছ ক্লাৱৰ মফচলীয় সংবাদ কৰ্মীসকলকো এখন গামোচাৰে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰে সাংসদ আৰু বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details