অসম

assam

ETV Bharat / state

ধেমাজিৰ মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস - পৰ্যটন কেন্দ্ৰ

ধেমাজি সদৰৰ সমীপতে অৱস্থিত এটা বিশেষ পৰ্যটন কেন্দ্ৰ ৷ কেন্দ্ৰটোলৈ অক্টোবৰৰ পৰা আগমন ঘটে বহু দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ কিন্তু বৰ্তমান পৰিত্যক্ত হৈ পৰি ৰৈছে এই পৰ্যটন কেন্দ্ৰটো ৷ এই পৰ্যটন কেন্দ্ৰটোক কিয় গুৰুত্ব দিয়া নাই চৰকাৰে ? সবিশেষ এই প্ৰতিবেদনত...

moumari eco tourism
ধেমাজিৰ মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰ

By

Published : Sep 28, 2021, 9:34 PM IST

ধেমাজি,28 ছেপ্তেম্বৰ : ধেমাজি সদৰৰ সমীপৱৰ্তী অন্যতম পৰ্যটন কেন্দ্ৰ ‘মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰ’ ৷ প্ৰায় ৫০ বিঘা মাটিকালিৰে আবৃত্ত এই পৰিৱেশ পৰ্যটন কেন্দ্ৰলৈ অক্টোবৰৰ পৰা আগমন ঘটে বহু দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ আনকি বিভিন্ন প্ৰজাতিৰ সৰু-বৰ মাছ বিদ্যমান এই পযটন কেন্দ্ৰটোত ৷

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই পৰ্যটন কেন্দ্ৰটি বৰ্তমানলৈকে পৰিচালনা সমিতিয়ে নিজৰ গাঁঠিৰ ধন ভাঙি ক্ৰমশঃ আগুৱাই নিছে ৷ কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগে আজিলৈকে এই কেন্দ্ৰটিৰ প্ৰতি দিয়া নাই তিলমানো গুৰুত্ব ৷ এই অভিযোগ পৰিচালনা সমিতিৰ ৷ যাৰ বাবে গভীৰ চিন্তাত পৰিছে স্থানীয় পৰিচালনা সমিতি ৷

ধেমাজিৰ মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰৰ শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত মৌ-মাৰী ক’ অপাৰেটিভ চ’চাইটিৰ সদস্য ধনী গগৈয়ে উল্লেখ কৰা অনুসৰি, বিগত ২০০৯-১০ বৰ্ষতে কেন্দ্ৰটো স্থাপন কৰি ইয়াৰ কাম আৰম্ভ কৰা হৈছিল ৷ পিছত ২০১১ চনত চ’চাইটিৰৰ হাতত অৰ্পণ কৰা হৈছিল কেন্দ্ৰটিৰ দায়িত্ব ৷ স্থানীয় পৰিচালনা সমিতিৰ অভিযোগ, ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৱে কেৱল ৰাজহ সংগ্ৰহ কৰা সময়তহে মনত পেলাই পৰিৱেশ পৰ্যটন কেন্দ্ৰটিক ৷

ইয়াৰ বিপৰীতে ঠাইখনৰ আন্তগাঁথনি উন্নয়নৰ বাবে বৰ্তমানলৈকে অলপো গুৰুত্ব দিয়া নাই ৰাজ্যৰ পৰ্যটন বিভাগে ৷

লগতে পঢ়ক:বিশ্ব পৰ্যটন দিৱসৰ দিনটোত নিমাও-মাও মাজুলী

উল্লেখ্য যে, পৰ্যটনৰ ক্ষেত্ৰখনৰ উদ্যোগবিহীন জিলাখনক এখোজ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ সময়তেই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১১ চনৰ 20 ফেব্ৰুৱাৰী মাহত ধেমাজিবাসীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল এই প্ৰকল্পটো । পিছে পৰিতাপৰ বিষয় যে, কেইটামান বছৰ ভালদৰে অতিবাহিত হোৱাৰ পিছতে দুৰ্যোগ নামি আহে এই পৰিৱেশ পযটন কেন্দ্ৰলৈ ৷ তৎসত্বেও পৰিচালনা সমিতিয়ে অশেষ কষ্টৰ মাজেৰে হ’লেও কেন্দ্ৰটোক মৃত্যু দুৱাৰ দলিৰ পৰা ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

পৰিচালনা সমিতিয়ে কেন্দ্ৰটোত আৱৰি ধৰা হাবি বন আৰু পুখুৰী পৰিষ্কাৰ কৰিছে ৷ উদ্যানৰ গছবোৰত ৰং দি টিকেটৰ গৃহ পুনৰ বাঁহেৰে নিৰ্মাণ কৰি আটক ধুনীয়াকৈ সজাই তুলিছে ৷ পুখুৰীত পালন কৰিছে ৩৫ কুইন্টলতকৈ অধিক মাছ ৷

সেয়ে আগন্তুক ৩০ ছেপ্তেম্বৰত ধেমাজিত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেটত এই পৰ্যটন কেন্দ্ৰটিৰ বাবে এটা বিশেষ পেকেজ অনুমোদন দি সমগ্ৰ ধেমাজিবাসীক উপকাৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে পৰিচালনা সমিতিৰ লগতে ধেমাজীবাসী ৰাইজে ৷

লগতে পঢ়ক:পৰ্যটনৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ লৈ বিশ্বনাথৰ এখন জনজাতীয় গাঁও

ABOUT THE AUTHOR

...view details