ধেমাজি, 8 ছেপ্টেম্বৰ :ধেমাজি জিলাৰ জোনাইত অঘটন ৷ জোনাইৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী মহিলাসহ এটি শিশু (Mother and son missing from Jonai)৷ পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, বিগত 4 ছেপ্টেম্বৰৰ পৰানিৰুদ্দেশ হৈ আছে দুয়ো ৷ জোনাইৰ জয়মাগুৰীৰ কৃষ্ণ সোণোৱালৰ পত্নী অলকা সোণোৱাল আৰু তেওঁৰ 8 বছৰীয়া পুত্ৰ সন্তান ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে কৃষ্ণ সোণোৱালে ৷
কৃষ্ণ সোণোৱালে উল্লেখ কৰা অনুসৰি, বিগত 4 ছেপ্টেম্বৰৰ দিনা অৰুণাচলত শ্ৰমিক হিচাপে কৰ্মৰত কৃষ্ণ সোণোৱাল নাছিল ঘৰত ৷ কৃষ্ণ সোণোৱাল ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ পত্নী অলকা সোণোৱালে পুত্ৰক লগত লৈ ঘৰৰ পৰা ওলাই যায় ৷ পত্নী-পুত্ৰৰ অনুপস্থিতিৰ ফলত এতিয়া শোকত ভাগি পৰিছে কৃষ্ণ সোণোৱাল ৷
ইফালে এই ঘটনা সন্দৰ্ভত কৃষ্ণ সোণোৱালে জোনাই আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ (Krishna Sonowal lodged an FIR at Jonai police station)৷
লগতে পঢ়ক :অন্ধ্ৰপ্ৰদেশলৈ যোৱা কৰিমগঞ্জৰ ব্যক্তিক হত্যা ! এজন নিৰুদ্দেশ