ধেমাজি,12 নৱেম্বৰ:ধেমাজি জিলা প্ৰশাসন আৰু নাৰ্বাডৰ সৌজন্যত ধেমাজি কাছাৰী ময়দানত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দিপ্তী হস্ত শিল্প মেলা ৷ ধেমাজি জিলাৰ নিলখ তৰাণি পথাৰৰবি এইচ এগো ফাৰ্মৰ মহিলা কৃষকৰ দ্বাৰা প্ৰদৰ্শন কৰা এক বিশেষ চাউলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ জৈৱিকভাৱে প্ৰস্তুত কৰা ধেমাজিৰ ত্ৰিপুৰী চাউলে বিশেষভাৱে সমাদৰ লাভ কৰিছে দিপ্তী হস্ত শিল্প মেলাত ৷
দিপ্তী হস্ত শিল্প মেলাত দৃষ্টি আকৰ্ষণ কৰিছে ত্ৰিপুৰী চাউলে
দিপ্তী হস্ত শিল্প মেলাত সমাদৰ লাভ কৰিছে ত্ৰিপুৰী চাউলে ৷ ধেমাজি জিলা প্ৰশাসন আৰু নাৰ্বাডৰ সৌজন্যত কাছাৰী ময়দানত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই দিপ্তী হস্ত শিল্প মেলা ৷ জৈৱিকভাৱে প্ৰস্তুত কৰা ধেমাজিৰ ত্ৰিপুৰী চাউলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
দিপ্তী হস্ত শিল্প মেলাত দৃষ্টি আকৰ্ষণ কৰিছে ত্ৰিপুৰী চাউলে
মহিলা কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ঘৰৰ পথাৰত খেতি কৰি এই বিশেষ চাউলবিধ উৎপাদন কৰিছে । উন্নত মানৰ এই চাউলবিধ শিশুৰ বাবে অতি উপযোগী ৷ সেয়ে মানুহৰ সমাগম সেৰেঙা হ'লেও গ্ৰাহকে ত্ৰিপুৰী চাউল ক্ৰয় কৰিছে । সাম্প্ৰতিক সময়ৰ বিৰূপ পৰিস্থিতিৰ মাজতেই সমাদৃত হোৱা এই চাউলে কৃষক পৰিয়ালটো লৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।
লগতে পঢ়ক:বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য এবিএমছুৰ