জোনাই, ১৪ জুন : ৰাজ্যত বান পৰিস্থিতি শাম কটাৰ পিছতেই পুনৰ নেৰা নেপেৰা বৰষুণে আতংকৰ সৃষ্টি কৰিছে (Flood at Jonai) ৷ এইবাৰ জোনাইত বুঢ়া লুইতৰ সংহাৰ ৷ যোৱা কেইবাদিনো ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিত চিয়াং নদীৰ বাঢ়নী পানীয়ে পুনৰ বুৰাই পেলাইছে বহুলোকৰ ঘৰ-দুৱাৰ, কৃষিভূমি (Flood affected area at Jonai) । কবু চাপৰিৰ ১ আৰু ৩ নং ৱাৰ্ডত চিয়াং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে প্ৰায় ৬০ টাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ৷
ইয়াৰ সমান্তৰালকে জোনাই সমষ্টিৰ অন্তৰ্গত চেঙাজানত ভয়ংকৰ ৰূপত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া । ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াত আতংকিত হৈ দিশহাৰা হৈ পৰিছে নৈপৰীয়া ৰাইজ । আতংকিত ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ নাম লৈছে ৷
১১৪ নং জোনাই বিধান সভা সমষ্টিৰ অন্তৰ্গত চেঙাজানত ভয়ংকৰ ৰূপত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৷ ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে চেঙাজান অঞ্চলৰ বহু কেইখন গাঁৱৰ শ শ পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি, বিদ্যালয়, মন্দিৰ আদি ৷