অসম

assam

By

Published : Aug 19, 2021, 10:55 PM IST

ETV Bharat / state

পানীৰ পৰিমাণ হ্ৰাস পালেও অপৰিৱৰ্তিত ধেমাজিৰ বান পৰিস্থিতি

বান বিধস্ত ধেমাজিত অৰ্ধ শতাধিক গাঁও প্লাৱিত হৈছে বানৰ দ্বাৰা ৷ জীয়াধল, বৰাজান আৰু ৰাই নদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৩০ খন গাঁও বেয়াকৈ প্লাৱিত কৰাৰ পাচত বৃহস্পতিবাৰে পানীৰ পৰিমাণ হ্ৰাস হৈছে যদিও বিশেষ উন্নত হোৱা নাই বান পৰিস্থিতি ৷

Dhemaji flood update
অপৰিৱৰ্তিত ধেমাজিৰ বান পৰিস্থিতি

ধেমাজি, 19 আগষ্ট :শাওণৰ শেহত অহা ভদীয়া বানে প্লাৱিত কৰিছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ বিশেষকৈ বান বিধস্ত ধেমাজিত অৰ্ধ শতাধিক গাঁও প্লাৱিত হৈছে বানৰ দ্বাৰা ৷ নামনি অসমৰ চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও আদি কেইবাখনো জিলাত দেখা গৈছে বানৰ প্ৰকোপ ৷ কুৰিশ্বু বান্ধৰ পৰা এৰি দিয়া পানীয়ে জলমগ্ন কৰিছে নামনি অসমৰ এইকেইখন জিলা ৷ একেদৰে ধেমাজি, লখিমপুৰতো বাঢ়নী পানীৰ মাজত হাহাকাৰ কৰিছে ৰাইজে ৷

জীয়াধল, বৰাজান আৰু ৰাই নদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৩০ খন গাঁও বেয়াকৈ প্লাৱিত কৰাৰ পাচত বৃহস্পতিবাৰে পানীৰ পৰিমাণ হ্ৰাস হৈছে যদিও বিশেষ উন্নত হোৱা নাই বান পৰিস্থিতি ৷ বুৰ গৈ আছে ধেমাজিৰ প্ৰায় কুৰিখন ৰাজহ গাঁও ৷

অপৰিৱৰ্তিত ধেমাজিৰ বান পৰিস্থিতি

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজো গাঁৱৰ অংশত আজিও পথৰ ওপৰেৰে পানী বাগৰি থকাৰ বিপৰীতে ঘাইকৈ বাটঘৰীয়া পঞ্চায়তৰ ঘেয়াৰী, চেঁচাহৰ, পাভমাৰী, চেঙেলীপথাৰকে ধৰি কেইবাখনো গাঁৱৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে ৷ সেইদৰে জীয়াঢল চাৰিআলিৰ পৰা চমৰাজানলৈ যোৱা গ্ৰাম্যপথটোৰ কেইবা ঠাইতো পথৰ পৰা দলং বিছিন্ন হোৱাৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে ।

বানৰ তাণ্ডৱ

উল্লেখ্য যে, ধেমাজিত জীয়াধল নদীৰ প্ৰৱল বানে বৰ্মন গাঁওস্থিত কফাৰডেমৰ প্ৰায় ৫০০ শ মিটাৰ অংশ ১৭ আগষ্টত উটুৱাই নিয়াৰ পাচত ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ বাটঘৰীয়া, নৰোৱাথান, জীয়াধল পঞ্চায়তৰ প্ৰায় কুৰিখন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৷ তাৰ বিপৰীতে মৰিধল আৰু লক্ষীপথাৰ পঞ্চায়তৰ প্ৰায় ১০ খন গাঁও ৰাই নৈ তথা বৰাজান নৈৰ বানৰ কৱলত পৰাত বন্যাৰ্তৰ মাজত হাহাকাৰ লাগিছে ৷ আশ্ৰয় শিবিৰৰ ব্যৱস্থা নথকাত বানাক্ৰান্তই নিজৰ ঘৰৰ ভিতৰত চাংপাতি অথবা ভৰাল ঘৰকে নিৰাপদ ঠাই হিচাপে ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

লগতে পঢ়ক :ডিব্ৰুগড়ত 22 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

ABOUT THE AUTHOR

...view details