ধেমাজি,18 ফেব্ৰুৱাৰীঃৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ এইবাৰ প্ৰতিবাদত নামিছে মটক যুৱ ছাত্ৰ সন্মিলন ৷ ৰাজ্যৰ মটক জনগোষ্ঠীক ইতিমধ্যে চৰকাৰে মটক স্বায়ত্ত্ব শাসিত পৰিষদ প্ৰদান কৰিলে ৷ কিন্তু পৰিতাপৰ বিষয় উত্তৰ পাৰৰ বৃহৎ সংখ্যক মটক জনগোষ্ঠীৰ মাজৰ এজনো লোকক পৰিষদত অন্তৰ্ভূক্ত নকৰিলে ৷ যাৰ ফলত বুধবাৰে টেক জুৰি অঞ্চলত মটক জনগোষ্ঠীটোৰ ধেমাজি যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীয়ে কেন্দ্ৰীয় সমিতি আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
মটক স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিবাদ
মটক জনগোষ্ঠীক চৰকাৰে মটক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ পাছতো উত্তৰপাৰৰ বৃহৎ সংখ্যক মটক জনগোষ্ঠীৰ মাজৰ এজনো লোকক পৰিষদত অন্তৰ্ভূক্ত নকৰিলে ৷ যাৰ ফলত বুধবাৰে টেকজুৰি অঞ্চলত মটক জনগোষ্ঠীটোৰ ধেমাজি যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীয়ে কেন্দ্ৰীয় সমিতি আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উত্তৰ পাৰৰ বৃহৎ সংখ্যক মটক জনগোষ্ঠীৰ লোকক বঞ্চনা কৰিলে ৰাজ্য চৰকাৰে ৷ এই জনগোষ্ঠীৰ লোকসকলে অভিযোগ কৰে যে, ধেমাজি, লক্ষীমপুৰ আৰু বিশ্বনাথ জিলাত বাস কৰা এই উত্তৰ পাৰৰ বৃহৎ সংখ্যক মটক জনগোষ্ঠীক মাহীআইৰ দৃষ্টিৰে চাইছে ৰাজ্য চৰকাৰ তথা জনগোষ্ঠীটোৰ কেন্দ্ৰীয় সমিতিয়ে ৷ যাৰ ফলত উত্তৰপাৰৰ এজনো লোকক সদ্যগঠিত মটক স্বায়ত্ব শাসিত পৰিষদত স্থান নিদিলে ৷ আগন্তুক নিৰ্বাচনৰ পূৰ্বে উত্তৰপাৰৰ কোনো এগৰাকীক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই মটক যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীয়ে ৷ অন্যথা ধাৰাবাহিক ভাৱে নায্যপ্ৰাপ্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি সকীয়নি প্ৰদান কৰিছে যুৱ ছাত্ৰ সন্মিলনীৰ সম্পাদক প্লাৱন বৰুৱা, ধেমাজি জিলা মটক সন্মিলনীৰ সভাপতি বীৰেশ্বৰ বৰা আৰু মহিলা সন্মিলনীৰ হৈ লক্ষিমী দত্ত বৰুৱাই ৷ এই প্ৰতিবাদস্থলীৰ পৰাই শাসনাধীষ্ঠ চৰকাৰখনক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে জনগোষ্ঠীটোৰ নেতৃত্বই ৷
লগতে পঢ়কঃহিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক