জোনাই, 30 ছেপ্টেম্বৰ :ক'ভিড পৰীক্ষাৰ নামত অৰুণাচল প্ৰদেশত দিন চলিছে ডকাইতি ৷ লিকাবালি আৰু ৰুকচিনৰ গেটেৰে অসমৰ পৰা অৰুণাচললৈ যোৱা প্ৰতিজন চালক-হেণ্ডিমেনৰ পৰা ক'ভিড পৰীক্ষাৰ নামত বলপূৰ্বকভাৱে 500 টকাকৈ সংগ্ৰহ কৰা হৈছে ৷ আনহাতে, ক'ভিড পজিটিভ ধৰা পৰিলে আইচ'লেশ্বনৰ নামত প্ৰতিজন লোকে দিনে ভৰিব লাগে 1800-2000 টকা ৷
মঙলবাৰে এনে কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰে চালক সন্থাই ৷ চালক সন্থাই চিলাপথাৰ জলকীয়া সূঁতিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি পৰিৱেশ উত্তাল কৰাৰ লগতে অৱৰোধ কৰে যান-বাহনৰ চলাচল ৷