জোনাই,১৪ জুনঃ দেওবাৰে ঋতুপৰ্ণৰ ধেমাজিৰ চিলাপথাৰস্থিত বাসগৃহত উপস্থিত হয় বিধায়ক ডাঃ ৰণোজ পেগু আৰু ভূৱন পেগু ৷ শোক সন্তপ্ত পৰিয়ালবৰ্গক খবৰ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় বিধায়ক দুজন ৷
গুৱাহাটী নুনমাটিত ঋতুপৰ্ণ হত্যাক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে দেওবাৰে পুৱা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু আৰু জোনাই সমষ্টিৰ মিত্ৰ দল গণশক্তিৰ বিধায়ক ভূৱন পেগুৱে ঋতুপৰ্ণৰ চিলাপথাৰস্থিত বাসগৃহত উপস্থিত হয় ৷ শোকা সন্তপ্ত পৰিয়ালবৰ্গক শান্তনা দিয়াৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক কৰ্ম সংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে বিধায়ক দুজনে ।
ঋতুপৰ্ণৰ বাসগৃহত উপস্থিত বিধায়ক ৰণোজ ভুৱন আৰু ভুৱন পেগু ইপিনে দিনৰ ১০ বজাত ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ, আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় পি ঘানৱট, অতিৰিক্ত উপায়ুক্ত মহৰ্ষি কাশ্যপ, চক্ৰ বিষয়া জীতেন টাইদ ঋতুপৰ্ণৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোলৈ চৰকাৰে আগবঢ়োৱা দুই লাখ টকা সাহাৰ্যৰ বিষয়ে অৱগত কৰে । অৱশেষত এক শোকাকূল পৰিৱেশৰ মাজেৰে ঋতুপৰ্ণক মিছিংপুৰৰ নিজা ভূমিত পৰম্পৰাগতভাবে অন্তিম সৎকাৰ সম্পন্ন কৰা হয় । উল্লেখযোগ্য যে, আজি পুৱা চিলাপথাৰস্থিত ঋতুপৰ্ণৰ ঘৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অগনন লোকৰ উপস্থিতি হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক- জলসম্পদ মন্ত্ৰীৰ গৃহ জিলাত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি