ধেমাজি, 11 ডিচেম্বৰ :সমাগত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ভিন্ন ৰাজনৈতিক দলসমূহ ৷ ব্যতিক্ৰম নহয় শাসনাধীস্থ চৰকাৰখনো ৷ ভিন্ন স্থানত আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানৰ মাজেৰে তেওঁলোকে অব্যাহত ৰাখিছে চৰকাৰৰ জয়গান ৷ অনুৰূপভাৱে শুকুৰবাৰে ধেমাজি সদৰৰ ষ্টেডিয়ামস্থিত জিলা ক্ৰীড়া সন্থাৰ পুনৰ নিৰ্মিত কাৰ্যালয়ৰ ভৱনটো উদ্বোধন কৰে বিধায়ক ড৹ ৰণোজ পেগুৱে ৷
ধেমাজি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় উদ্বোধন বিধায়ক ড৹ ৰণোজ পেগুৰ
শুকুৰবাৰে ধেমাজি সদৰৰ ষ্টেডিয়ামস্থিত জিলা ক্ৰীড়া সন্থাৰ পুনৰ নিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন কৰিলে বিধায়ক ড৹ ৰণোজ পেগুৱে ৷ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও ক্ৰীড়াবিদ আৰু ছাত্ৰ-ছাত্ৰীৰে ধৰি উপস্থিত থাকে জিলাখনৰ অন্যতম ক্ৰীড়া সংগঠক যতীন গোঁহাই ৷
বিধায়ক ড৹ ৰণোজ পেগু
উল্লেখ্য যে, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ 2019-20 বৰ্ষৰ অধীনত ৬ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হৈছিল ভৱনটো ৷ শুকুৰবাৰে ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে ধেমাজি জিলাৰ অন্যতম ক্ৰীড়া সংগঠক যতীন গোঁহাইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়াবিদ আৰু ছাত্ৰ-ছাত্ৰী ৷
লগতে পঢ়ক:ক'লা নহয়, এইবাৰ বেঙুনীয়া ধানৰ খেতি