জোনাই, ২৫ ছেপ্টেম্বৰ:হঠাৎ তৎপৰ হৈছে জোনাইৰ বিধায়ক ভূৱন পেগু ৷ এতিয়া বিধায়ক ভূৱন পেগুৱে জোনাইৰ বিভিন্ন ঠাইত উপস্থিত হৈ বিভিন্ন নিৰ্মীয়মান আঁচনিৰ লগতে নলা নিৰ্মাণ হ’ব লগীয়া ঠাই পৰিদৰ্শন কৰে ৷ জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে জোনাইৰ বিভিন্ন অঞ্চলৰ বিধ্বস্ত বাট-পথ পৰিদৰ্শন কৰাৰ লগতে বুজ লয় ৰাইজৰ বিভিন্ন সমস্যাৰ ।
ইয়াৰে ৰাকুত কেমেৰে গাঁৱৰ মাজেদি যোৱা অতিকৈ বিধ্বস্ত পথচোৱা তথা ৰাকুট কেমেৰে আৰু চিৰামপুৰীয়া সংযোগী পথত থকা নৈৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত যোগাযোগৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত পৰিদৰ্শন কৰে । তেওঁ অতি কম সময়ৰ ভিতৰত পথছোৱা মেৰামতি কৰাৰ লগতে নৈখনৰ ওপৰত দলং নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে ৰাইজক ৷
লগতে পঢ়ক:Womens Reservation Bill 2023 : মোদী চৰকাৰৰ সোনকালে মহিলাৰ আসন সংৰক্ষণ নিশ্চিত কৰাৰ ইচ্ছা নাই; কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা সিং
ইফালে, জোনাইৰ আদৰ্শ গাঁও হিচাপে স্বীকৃতি পোৱা জোনাইৰ ঙাবাং গামচুক গাঁৱত উপস্থিত হৈ বিধায়ক ভূৱন পেগুৱে আদৰ্শ গাৱৰ উন্নয়নৰ আঁচনিৰ অগ্রগতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে ৷ বিধায়ক ভূৱন পেগুৰ পৰিদৰ্শনৰ সময়ত সংগ দিয়ে পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু, টিএমজিকে কেন্দ্ৰীয় সমিতিৰ সদস্য মুহিম পাৱ,জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং,সম্পাদক মিগম দলে,কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ৰাজকুমাৰ মৰাং আদিয়ে ৷
লগতে পঢ়ক:Asian Games visa row: ‘‘অৰুণাচল ভাৰতৰ অভিন্ন অংগ, আমি ভাৰতীয়’’ চীনক গৰিহণা অৰুণাচল অলিম্পিক এছচিয়েচনৰ সম্পাদকৰ
উল্লেখযোগ্য যে, উন্নয়নৰ ফটা- ঢোল কোবোৱা চৰকাৰৰ দিনত ৰাজ্যখনৰ ভিতৰুৱা বহু অঞ্চলৰ বাট-পথৰ অৱস্থা বৰ্তমানো অতিকে শোচনীয় ৷ এজাক বৰষুণতেই যাতায়তৰ অনুপযোগী হৈ পৰা এইসমূহ বিধ্বস্ত পথেৰেই দৈনিক যাতায়ত কৰিবলগা হয় ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সাধাৰণ ৰাইজ ৷
লগতে পঢ়ক:Jogen Mohan on tea estate labours salary; চাহ জনগোষ্ঠীক লৈ বহুতে ৰাজনীতি কৰি আছে যদিও আজিকালি বাগিচাৰ ৰাইজ সচেতন হৈছে : যোগেন মহন